ETV Bharat / state

নগাঁৱত ঠিকনা হেৰুৱাব নেকি দুস্প্ৰাপ্য বৰটোকোলাই - দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ নগাঁৱৰ পুৰণিগুদামৰ বৰটোকোলা

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত আশ্ৰয়হীন হোৱাৰ দিশে বাটৰ বাটৰুৱাৰ লগতে দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্বৰূপ নগাঁৱৰ পুৰণিগুদামৰ বৰটোকোলাৰ সাতটাকৈ পৰিয়াল ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ স্বাৰ্থত কণ কণ পোৱালিৰে সৈতে বৰটোকোলা কেইটাই আশ্ৰয় লৈ থকা নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্তী কাষৰিগাঁৱত ৰাজপথৰ কাষৰ শিমলু জোপা কাটি পেলোৱাৰ আশংকা ৷ গছ জোপা কাটি পেলোৱাৰ পূৰ্বে বৰটোকোলা কেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ আহ্বান স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ ৷

nagaon lesser adjutant stork likely to lose its shelter
ঠিকনা হেৰুওৱাৰ দিশে কণ কণ পোৱালীৰে সৈতে বৰটোকোলাৰ সাতটাকৈ পৰিয়াল
author img

By

Published : Dec 31, 2020, 2:26 PM IST

Updated : Dec 31, 2020, 4:47 PM IST

চামগুৰি, 31 ডিচেম্বৰ : ঠিকনা বিপন্ন হোৱাৰ দিশে নগাঁৱত এজোপা শিমলু গছত বহু বছৰ ধৰি আশ্ৰয় লৈ থকা দুষ্প্ৰাপ্য বৰটোকোলাৰ ৷ ৰাজপথ সম্প্ৰসাৰণৰ উদ্দেশ্যে বৰটোকোলা কেইটাই আশ্ৰয় লৈ থকা নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁওস্থিত ৰাজপথৰ কাষৰ সু-উচ্চ শিমলু গছ জোপা কাটি পেলোৱাৰ আশংকা কৰা হৈছে ৷ শেহতীয়াকৈ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কৰ্তৃপক্ষই উক্ত গছজোপাত এক বিশেষ চিহ্ন খোদিত কৰাৰ পাছতে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷ কিয়নো ৰাজপথ সম্প্ৰসাৰণৰ খাতিৰত গছ জোপা কাটি পেলালেই আশ্ৰয়হীন হৈ পৰিব বহুবছৰ ধৰি গছডালত আশ্ৰয় লৈ অহা বৰটোকোলাৰ এই সাতটাকৈ পৰিয়াল ৷

স্থানীয় ৰাইজে আশংকা কৰিছে যে ৰাজপথ সম্প্ৰসাৰণৰ অজুহাতত গছডাল নিশ্চয়কৈ কাটি পেলোৱা হ'ব আৰু গছডাল কাটি পেলোৱাৰ পাছতে ঠিকনা হেৰুৱাব কণ কণ পোৱালিৰে সৈতে গছডালত আশ্ৰয় লৈ থকা বৰটোকোলাৰ সাতটাকৈ পৰিয়ালে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে দুষ্প্ৰাপ্য বৰটোকোলাৰ সুচল বাসস্থান হিচাপে বিগত বহু বছৰ ধৰি সকলোৰে পৰিচিত গছ জোপাত বৰ্তমান বৰটোকোলাৰ সাতটা পৰিয়ালে বাহ সাজি আছে ৷ স্থানীয় ৰাইজৰ মন্তব্য বাটৰ বাটৰুৱাৰ লগতে দেশী-বিদেশী পৰ্যটককো আকৰ্ষিত কৰি অহা এই গছজোপা যদিহে আনুসাংগিক দিশ সমূহ বিবেচনা নকৰাকৈ কাটি পেলোৱা হয় তেন্তে বৃহত্তৰ অঞ্চলটোৰ পৰা এই দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইবিধ এদিন একেবাৰে নিঃশ্চিহ্ন হৈ যোৱাটো নিশ্চিত ৷

নগাঁৱত ঠিকনা হেৰুৱাব নেকি দুস্প্ৰাপ্য বৰটোকোলাই

এই আশংকাত চিন্তিত স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজ তথা পুৰণিগুদামবাসীৰ আবেদন কলঙৰ পাৰতে থকা সু-উচ্চ শিমলু জোপাত দীৰ্ঘদিন ধৰি নিৰাপদে আশ্ৰয় লৈ থকা বৰটোকোলাৰ এই পৰিয়াল কেইটাক সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰ বা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰক ৷ ৰাইজে কয় যে ৰাজ্যৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ বাবে অতি প্ৰয়োজনীয় চাৰিলেন যুক্ত ৰাজপথ নিৰ্মাণৰ খাতিৰত গছ জোপা কাটি পেলোৱাৰ পূৰ্বে সংশ্লিষ্ট বন বিভাগে যিকোনো প্ৰকাৰে বাহ সহ বৰটোকোলাৰ পোৱালি সমূহ উদ্ধাৰ কৰি আন কোনো সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

লগতে পঢ়ক:গামোচাত অংকণ কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি

Last Updated : Dec 31, 2020, 4:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.