নগাঁও, 6 ছেপ্তেম্বৰ : নগাঁও বন বিভাগৰ এগৰাকী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত বেলতলীৰ পৰা জব্দ কৰে দুটাকৈ অবৈধ কাঠফলা মিল ৷ নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত চলা এই অভিযানত দলটোৱে জব্দ কৰিলে দুটাকৈ অবৈধ কাঠফলা মিল ৷
তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰাই জিলাখনৰ বেলতলী আৰু কণা বজাৰত আব্দুল লতিফ আৰু ইব্ৰাহিম আলী নামৰ দুজন অসাধু লোকে দুটাকৈ মিল অবৈধভাবে চলাই আহিছিল ৷ অৱশেষত শনিবাৰে বন বিভাগৰ অভিযানত জব্দ হ'ল এই দুই অবৈধ কাঠফলা মিল ৷
বন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ সময়ত স্থানীয় একাংশই অভিযানত বাধা প্ৰদানৰ চেষ্টা চলাইছিল যদিও ৰূপহীহাট আৰক্ষীৰ সহযোগত অবৈধ মিল দুটা জব্দ কৰিবলৈ সক্ষম হ'ল বন বিভাগৰ দলটোৱে । অৱশ্যে, অভিযানৰ মাজতে পলায়ন কৰিলে অবৈধ মিল দুটা চলাই থকা লতিফ আৰু ইব্ৰাহিম ৷
ইতিমধ্যে, বন বিভাগৰ লোকে এটা গোচৰ ৰুজু কৰি আৰক্ষীৰ সহযোগত পলাতক দুই ব্যক্তিৰ সন্ধান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : ৰাজনীতিলৈ যোৱা শিল্পী সকলৰ বিষয়ে কি ক'লে জনপ্ৰিয় শিল্পী মৃদুল ভূঞাই ?