নগাঁও, 18 ডিচেম্বৰ: ক্ৰমাৎ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও ৷ প্ৰতিদিনে জিলাখনত বৃদ্ধি পাইছে ড্ৰাগছ সৰৱৰাহকাৰী আৰু সেৱনকাৰীৰ সংখ্যা ৷ কিন্তু এইপৰ্যন্ত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী ৷ যাৰ বাবে এতিয়া নিজেই সজাগ হৈছে নগাঁৱৰ জনতা ৷ শুকুৰবাৰে নগাঁৱৰ খুটিকটিয়াত তিনি ড্ৰগছ সেৱনকাৰীক আটক কৰি আঠু কাঢ়িবলৈ দিয়ে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে,শুকুৰবাৰে দিন দুপৰতে ড্ৰাগছ সেৱন কৰা অৱস্থাত প্ৰথমে এজন যুৱকক আটক কৰাৰ পিছত যুৱকজনৰ ভাষ্যৰ ভিত্তিত আন দুজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় খুটিকটিয়াৰ ৰাইজে ৷ ৰাইজে ধৃত তিনি যুৱকক ৰাজপথত কাণত ধৰাই আঠু কঢ়োৱাৰ লগতে উত্তম মধ্যম শোধাই গতাই দিয়ে নগাঁও আৰক্ষীক। যুৱক তিনিজনৰ পৰা ড্ৰাগছ সেৱনত ব্যৱহৃত সামগ্ৰীয়ো উদ্ধাৰ কৰা হয় ৷
লগতে পঢ়ক-অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ