নগাঁও,8 আগষ্টঃ নগাঁও জিলাত দিনক দিনে ভয়াৱহ ৰূপ লৈছে কৰ’ণাৰ গণ সংক্ৰমণে । ইপিনে জিলাখনৰ ধিঙত ক’ভিড-১৯ ত আক্ৰান্ত হৈ ভদ্ৰ নাথ (48) নামৰ এগৰাকী ৰোগীয়ে মৃত্যুক আকোঁৱালি লয় । চলিত মাহৰ ৬ আগষ্টতে কভিড-19 পৰীক্ষাত পজিটিভ ধৰা পৰিছিল লোকজনৰ।
তাৰ পিছতেই নগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰে ধিঙৰ স্বাস্থ্য বিভাগে। কিন্তু শনিবাৰে পুৱা মৃত্যুক আকোঁৱালি লয় ভদ্ৰ নাথ নামৰ লোকজনে। উল্লেখযোগ্য যে, সম্প্ৰতি ধিঙত ৫০ জনতকৈও অধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।