নগাঁও,8আগষ্ট: নগাঁৱৰ ক'ভিড হাস্পাতালত তীব্ৰ উত্তেজনা ৷ হাস্পাতালত চিকিৎসাধীন হৈ থকা ৰোগীসকলক যোগান ধৰা খাদ্যৰ বিসংগতিৰ বাবে উত্তেজিত হৈ পৰে ৰোগীসকল ৷ কোভিড আক্ৰান্ত ৰোগীৰ খাদ্য যোগানৰ ঠিকা লাভ কৰা যোগনীয়াৰৰ চূড়ান্ত অৱহেলা, অনিয়মক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে নিশা উত্তপ্ত হৈ পৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতাল চৌহদত ৷ হাস্পতালখনত ভৰ্তি হৈ থকা ৰোগীক প্ৰায়েই অতি নিম্নমানৰ খাদ্য যোগান ধৰি অহাৰ অভিযোগ ক'ভিড আক্ৰান্তৰ ৷
অন্য এক খবৰৰ বাবে: কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন,আহত দুজন
কেৱল অনুপযোগী খাদ্যই নহয়, সময়মতে খাদ্য যোগান নধৰাৰো অভিযোগ উত্থাপন কৰে ৰোগীসকলে ৷ নিশা প্ৰায় ১১ বজা পৰ্যন্ত খাদ্য যোগান নধৰাক কেন্দ্ৰ কৰি হাস্পতালখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ অৱশ্যে বহু পলমকৈ ৰোগীসকলক যোগান ধৰা হয় খাদ্য ৷ ইয়াৰ পাছতে খাদ্য যোগানৰ দায়িত্বত থকা লোকসকলে তৰ্ক বিতৰ্কতো লিপ্ত হয় ক'ভিড আক্ৰান্তৰ সৈতে । যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে ক'ভিড আক্ৰান্তই ৷