ETV Bharat / state

নগাঁৱত ক্ৰমাৎ ভয়াৱহ হৈছে ক’ভিড পৰিস্থিতি - নগাঁও ক’ভিড 19

মঙলবাৰৰ দিনটোত নগাঁও জিলাত মুঠ 311 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 পজিটিভ ৷ লগতে 4 গৰাকীকৈ লোকৰ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হয় ৷

as_ngn_covid-19-update_img_7203829
নগাঁৱত ক্ৰমাৎ ভয়াৱহ হৈছে ক’ভিড পৰিস্থিতি
author img

By

Published : May 12, 2021, 7:12 AM IST

নগাঁও, 12 মে’: নগাঁৱত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক’ভিড 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত জিলাখনত 311 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 পজিটিভ ৷ মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ২৫৮৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰে । ৰেপিট এন্টিজেন টেষ্টৰ জৰিয়তে কৰা এই পৰীক্ষাতে 311 গৰাকী ক’ভিড 19ত আক্ৰান্ত বুলি ধৰা পেলোৱা হয় ।

আক্ৰান্ত সকলৰ 288 জনক নিজ নিজ বাসগৃহতে আছুতীয়াকৈ পৰ্যবেক্ষণত ৰখাৰ উপৰিও 23 গৰাকীক নগাঁৱৰ শ্বহীত ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ লগতে মঙলবাৰৰ দিনটোতে জিলাখনত চাৰিজনকৈ লোকৰ এই মহামাৰীত মৃত্যু হয় ৷

উল্লেখ্য যে, বৰ্তমানলৈকে নগাঁও জিলাত মুঠ 3690 গৰাকী লোক মহামাৰী কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 2132 গৰাকী আৰু মৃত্যু হৈছে 19 গৰাকী ৷

লগতে পঢ়ক-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ পালে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.