ETV Bharat / state

ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন - মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা চাইকেল সমদল কৰি নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কেইবাশ কংগ্ৰেছ কৰ্মী ৷

as_ngn_congress-protest-against-price-hike-of-essential-goods_vis_7203829
ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন
author img

By

Published : Jan 22, 2021, 4:40 PM IST

নগাঁও,22 জানুৱাৰী: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা চাইকেল সমদল কৰি নগাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয় উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কেইবা শ কংগ্ৰেছ কৰ্মী ৷ এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনৰ অভিযোগ, যি সময়ত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশবাসীক জুৰুলা কৰিছে সেই সময়তেই শাসকীয় দলৰ নেতাই ৰাইজৰ ধনেৰে লাস-বিলাসত ব্যস্ত হৈছে ৷ সাধাৰণ কৃষকৰ খাজানা বৃদ্ধি কৰি সেই ধনেৰেই শাকসীয় চৰকাৰৰ মন্ত্ৰী সকলে বিলাসী চাৰ্টাৰ প্লেনত কাজু-কিছমিছ খাই ভ্ৰমণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ৷

নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ বেংক একাউণ্টত 15 লাখকৈ ধন জমা কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই পূৰণটো ব্যৰ্থ হোৱা বুলি অভিযোগ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷ ৰন্ধন গেছকে ধৰি প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ সোধাইছে ৷ যাৰ ফলত কংগ্ৰেছৰ এই প্ৰতিবাদত সাধাৰণ ৰাইজেও সমৰ্থন জনোৱা বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰলাকৈ এই সমদলতেই কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰো বিৰোধীত কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক-তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.