ETV Bharat / state

ৰহাৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰহাৰ চাংচকী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ পঞ্চায়তৰ সভাপতি আৰু বিজেপি বিধায়কে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

BARHAMPUR_PANCHAYAT corruption,
ৰহাৰ পঞ্চায়তত ব্যাপক দুৰ্নীতি
author img

By

Published : Nov 28, 2019, 3:56 PM IST

নগাঁও, 28 নৱেম্বৰ: ৰহা সমষ্টিৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ শেহতীয়া RTI তথ্যত ফাদিল হৈছে দুৰ্নীতিৰ বহু তথ্য ৷

চাংচকী গাঁৱত বৰ্তমান হিতাধিকাৰীক মাননি দিলেহে চাকৰি পোৱা যায় ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়নৰ নামত প্ৰৱঞ্চনা কৰি আহিছে গাঁওবাসীক ৷ চাংচকী গাঁও পঞ্চায়তৰ উন্নয়নৰ বাবে চৰকাৰে বহু ধনৰ আবণ্টন কৰিছে যদিও বৰ্তমানেও উন্নয়নৰ মুখ দেখি নাপালে অঞ্চলবাসীয়ে ৷ শেহতীয়াকৈ অঞ্চলটোত ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এটা নলা ৷ কিন্তু নলাৰ কাম আধৰুৱা কৰিয়ে পঞ্চায়তৰ সভাপতি পোনাৰাম বৰাই ধন আত্মসাৎ কৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷

ৰহাৰ পঞ্চায়তত ব্যাপক দুৰ্নীতি

অন্য এক খবৰৰ বাবে : তেজপুৰত শুই থকা অৱস্থাত মৃত্যু হয় এহাল দম্পতীৰ

ইফালে,পঞ্চায়তটোৰ চতুৰ্থ বিত্তীয় ধন ব্যৱহাৰতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ বিজেপি দলৰ সভাপতি ডিম্বেশ্বৰ দাস আৰু পঞ্চায়তৰ সভাপতি পোনাৰাম বৰাৰ বিৰুদ্ধে ৷ অঞ্চলবাসীয়ে বিধায়ক গৰাকীক এই ক্ষেত্ৰত বহুবাৰ সমস্যাসমূহ সমাধানৰ বাবে জনায় আহিছে যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব গ্ৰহণ কৰা নাই ৷

Intro:STORY=কামপুৰ চাংচকী পঞ্চায়তত ব্যাপক দুৰ্নীতি। RTI তথ্যত পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য। ৰাজহুৱা সমস্যাৰ অভিযোগ দাখিল কৰিলে দালালৰ আখ্যা বিধায়ক ডিম্বেশ্বৰ দাসৰ।

ANVHOR= পঞ্চায়ত আৰু গ্ৰামোনয়ন বিভাগৰ উন্নয়নৰ নামত ৰাইজৰ প্ৰৱঞ্চনা। টকা নিদিলে হিতাধিকাৰীয়ে নাপায় চৰকাৰী আঁচনি ৷ চৰকাৰে পঞ্চায়ত সমূহ উন্নয়নৰ বাবে আঁচনি গ্ৰহন কৰে ঠিকেই কিন্তু কিয় কাৰ্য ক্ষেত্ৰত হৈ নুঠে সম্পূৰ্ণ উন্নয়নৰ কাম ৷ কাৰ হেমাহি আৰু অদক্ষতাৰ বাবে পঞ্চায়তৰ আঁচনি সমূহৰ কাম আধৰুৱা হৈ আছে। চাওক তথ্য জনা আইন মতে পোহৰলৈ আহিছে বহু দূৰ্নীতিৰ তথ্য ৷
আপোনালোকে টিভি স্ক্ৰীনত দেখা এই দৃশ্য ৰহা সমষ্টিৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তৰ ৷ পঞ্চায়তটো উন্নয়নৰ বাবে চৰকাৰী বহু আঁচনি আবন্তন হ'ল, কিন্তু কাৰ্যক্ষেত্ৰত সকলো আঁচনীয়ে আধৰুৱা হৈ ৰ'ল ৷ কিন্তু কিয় ? এই প্ৰশ্নৰ উত্তৰ নাই কাৰোৰে হাতত ৷ এইটো ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হব লগা নলা ৷ কিন্তু কিছু কাম কৰিয়েই সিংহভাগ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ বিগত পঞ্চায়ত খনৰ সভাপতি পোনাৰাম বৰাৰ বিৰুদ্ধে ৷ কেৱল ইমানেই নহয় পঞ্চায়তটোৰ চতুৰ্থ বিত্তীয় ধন ব্যৱহাৰতো ব্যাপক দূৰ্নীতি কৰাৰ অভিযোগ বিজেপি দলৰ সভাপতি তথা পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে৷ আনহাতে ৰাইজৰ এই সমস্যা সমূহ অৱগত কৰিলে স্থানীয় লোকক দালাল আখ্যা দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে।
*BYTE= স্থানীয় লোক।*Body: VO= উল্লেখ্য যে সভাপতি পোনাৰাম বৰা বিৰুদ্ধে মুখ্য মন্ত্ৰীকে ধৰি CID, DC সকলোকে অভিযোগ দাখিল কৰিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এটিয়া প্ৰশ্ন হয় বিজেপি নেতৃত্বাধীন চৰকাৰ খনে দুৰ্নীতি সৈতে আপোচ নকৰা এইজন বিজেপি কৰ্মী তথা বিগত পঞ্চায়ত খনৰ সভাপতি পোনাৰাম বৰা বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয়।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.