নগাঁও, 4 ডিচেম্বৰ : নগাঁও জিলাৰ এগৰাকী অধিবক্তাক উকীল সন্থাৰ পৰা বহিস্কাৰ কৰা হয় । সংবাদমেলযোগে নগাঁও জিলাৰ উকীল সন্থাই সদৰি কৰিলে এই কথা ৷
অভিযোগ অনুসৰি, ইনামূল হুদা নামৰ অধিবক্তা গৰাকীয়ে 6 মাহ পূৰ্বে চ'চিয়েল মিডিয়াত কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল ৷ । এই অভিযোগতে অধিবক্তা ইনামূল হুদাক প্ৰথমে 6 মাহৰ বাবে নিলম্বিত কৰাৰ পিচত বিষয়টোৰ অনুসন্ধানৰ ভিত্তিত নগাঁও উকীল সন্থাৰ কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে অধিবক্তা গৰাকীক উকীল সন্থাৰ সদস্য পদৰ পৰা বহিস্কাৰ কৰে ।
ইফালে, অধিবক্তা ইনামূল হুদাই নগাঁও উকীল সন্থাৰ বিৰুদ্ধে আদালতত দুটাকৈ গোচৰ তৰাৰ কথাও সদৰী কৰে নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খণ্ডকাৰে ।
লগতে পঢ়ক : চন্দন ব্ৰহ্মৰ মতে বিটিচিত হিমন্ত বিশ্বই আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ ৰাজনীতি