নগাঁও, ৯ মে': নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাক শনিবাৰে সন্ধিয়াৰ পৰা হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ আগবঢ়াই জিলা উপায়ুক্ত যাদৱ শইকীয়াই । ইতিমধ্যে ৰাজস্থানৰ পৰা অহা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ পৰিয়াল লোক হোম কোৱাৰাণ্টাইনৰ হৈ আছে অধীক্ষক গৰাকীৰ চৰকাৰী আবাসগৃহত ।
আনহাতে, অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক শুকুৰবাৰে পৰাই কোৱাৰাণ্টাইনৰ কৰা বুলি প্ৰচাৰ হৈছিল যদিও প্ৰকৃততে শনিবাৰৰ পৰাহে হোম কোৱাৰাণ্টাইনৰ পৰামৰ্শ আগবঢ়াই জিলা উপায়ুক্তই ।