ETV Bharat / state

ধিঙৰ আদৰ্শ গাৱঁত মাতৃয়ে হত্যা কৰি পুতি থলে পুত্ৰৰ মৃতদেহ - Murder Case At Nagaon Ding

ধিঙৰ লহকৰ আদৰ্শ গাৱঁত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিজ মাতৃ,ভিনীহিয়েক আৰু ভনীয়েকে বিতোপন দাস নামৰ এজন যুৱকক হত্যা কৰি পুতি থোৱাৰ অভিযোগ ৷ উত্তপ্ত পৰিস্থিতি ধিঙৰ লহকৰ গাঁৱত ৷ ঘৰৰ পিচফালে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বিতোপন নামৰ যুৱকজনৰ মৃতদেহ ৷

ধিঙৰ আদৰ্শ গাৱঁত মাতৃয়ে হত্যা কৰি পুতি থলে পুত্ৰৰ মৃতদেহ
author img

By

Published : Sep 20, 2019, 4:41 PM IST

নগাঁও, 20 চেপ্তেম্বৰঃ ধিঙৰ লহকৰ আদৰ্শ গাৱঁত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ নিজ মাতৃয়ে পুত্ৰক হত্যাকৰি মাটিত পুটি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নগাওঁ জিলাৰ ধিঙত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা । নিজ পুত্ৰক পাশৱিক অত্যাচাৰ কৰি হত্যা কৰিলে পাষাণ মাতৃ আৰু ভিনিহিয়েকে। এমাহ ধৰি নিৰুদ্দেশ হৈ থকা বিতোপন দাসৰ মৃতদেহ ঘৰৰ পিছফালে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । মৃতদেহটো শুকুৰবাৰে দুপৰীয়া উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ এমাহ পুৰ্বে নিশা পুত্ৰ বিতোপনক অত্যাচাৰ কৰি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিজ মাতৃ বিবি দাস আৰু ঘৰ জোৱাই তথা টেট শিক্ষক কিশোৰ কুমাৰ ডেকাই লগ হৈ হত্যা কৰাৰ অভিযোগ যুৱকজনক । হত্যা কৰি মৃতদেহটো ঘৰৰ পিছফালে পুতি থয় দুই অভিযুক্তই । বহুদিন ধৰি যুৱকজনক গাঁৱত দেখা নোপোৱাত সন্দেহ হয় স্থানীয় লোকৰ। বিতোপন কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা বুলি মাতৃয়ে ৰাইজক কৈ আহিছিল যদিও অৱশেষত মৃতদেহটো ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তাৰপিছতেই গাৱঁৰ লোকে হত্যাকাৰীৰ ঘৰ-দুৱাৰ জ্বলাই দিয়ে। এই ঘটনাত সম্পৰ্কীয় মোমাই তথা স্থানীয় চৰকাৰী গাওঁবুঢ়া জড়িত থকাৰো গুৰুতৰ অভিযোগ কৰিছে ৰাইজে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিতোপনৰ মাতৃ আৰু ভনীয়েকক আটক কৰে ধিং আৰক্ষীয়ে ৷

ধিঙৰ আদৰ্শ গাৱঁত মাতৃয়ে হত্যা কৰি পুতি থলে পুত্ৰৰ মৃতদেহ

আনহাতে পুত্ৰ বিতোপনে কিশোৰ কুমাৰ ডেকাই ঘৰ জোঁৱাই হিচাপে থকাতো বিৰোধিতা কৰি আহিছিল। আৰু মাতৃ পেশাত এগৰাকী মদ বেপাৰী বুলি অভিযোগ ৰাইজৰ। পুত্ৰ বিতোপনে মদ বিক্ৰী কৰিবলৈও মানা কৰিছিল মাতৃক । ইয়াকে লৈ ঘৰখনত প্ৰায়েই সৃষ্টি হৈছিল কাজিয়াৰ । যাৰবাবে পুত্ৰক এনেদৰে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । তাৰোপৰি বিতোপনৰ হত্যাত গাওঁবুঢ়া তথা মোমায়েক ডিম্বেশ্বৰ দাস জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে। উল্লেখ্য যে মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে পলায়ন কৰে অভিযুক্ত ঘৰ জোৱাই কিশোৰ কুমাৰ ডেকা। অতি শীঘ্ৰে উক্ত ঘটনাৰ চৰকাৰ তথা প্ৰশাসনক তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

Intro:BREAKING Body:ধিঙৰ লহকৰ আদৰ্শ গাৱঁত হত্যাকাণ্ড৷নিজ মাতৃ, ভিনীহিয়েক আৰু ভনীয়েকে হত্যা কৰিল বিতোপন দাস নামৰ এজন যুৱকক৷এমাহ পূৰবে হত্যা কৰি পুতি থৈছিল ঘৰৰ কাষত৷উত্তেজিত ৰাইজে ঘৰ দুৱাৰ ভাঙি লন্ড ভন্ড৷জ্বলালে ঘৰৰ আচবাব৷মকৰ নাম বিবি দাস ভিনীহিয়েকৰ নাম কাশোৰ কুমাৰ ডেকা৷ঘটনাস্হলীত ধিং আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ৷ভিনীহিয়েক কিশোৰ কুমাৰ ডেকা এজন টেট শিক্ষক৷বৰ্তমান অভিযুক্ত মাতৃ বিবি দাস আৰু ভগ্নী দিপলিকা দাসক ধিং আৰক্ষীয়ে আটক কৰিছে । ___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.