নগাঁও, 27 অক্টোবৰ: নগাঁৱৰ মিলনপুৰত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মিলনপুৰৰ বাসিন্দা তথা এটা সন্তানৰ মাতৃ মুনমী দাসে এই হত্যাৰ বলি লয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিগত প্ৰায় ন বছৰ পূৰ্বে মিলনপুৰৰ হৰিপদ দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মুনমী দাস ৷
পৰৱৰ্তী সময়ত মুনমীৰ স্বামীয়ে খুলশালীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ পৰিণতিত মুনমীক প্ৰায়ে স্বামীয়ে শাৰিৰীকভাৱে অত্যাচাৰ কৰি আহিছিল ৷ অৱশেষত অবৈধ প্ৰেমৰ কৰুণ পৰিণতি হিচাপে মুনমীয়ে হেৰুৱাবলগীয়া হৈছে প্ৰাণ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মুনমীৰ স্বামী হৰিপদ আৰু ভগ্নীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি আৰম্ভ কৰিছে তদন্ত ৷