ETV Bharat / state

ৰাইজৰ কাষত এতিয়া সহজলভ্য নেতাৰ উপস্থিতি ! - upcoming election2021

সোমবাৰে সাংসদ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ কচুৱা ৰমণীপথাৰ শিমলুগুৰি সংযোগী বৰপানী নৈৰ ওপৰত এখন কাঠৰ দলং মুকলি কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ দলঙখন মুকলি কৰাৰ লগতে ৰহাত কেইবাটাও আধাৰশিলা স্থাপন কৰে সাংসদ গৰাকীয়ে ৷

ৰাইজৰ কাষত এতিয়া ৰাজনৈতিক নেতাসকলৰ উপস্থিতি

author img

By

Published : Feb 16, 2021, 8:43 AM IST

বঢ়মপুৰ,16 ফেব্ৰুৱাৰীঃ সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ ৰাজ্যত এতিয়া ৰাজনৈতিক দল-সংগঠনৰ সৰু-বৰ নেতা-কৰ্মী নামিছে সমাজ সেৱাৰ নামত ৷ ৰাজনৈতিক দল সমূহৰ কৃপাত ৰাজ্যত এতিয়া প্ৰতিদিনাই মুকলি কৰা হৈছে বিভিন্ন দলং কিম্বা বিভিন্ন আঁচনি ৷ বাদ পৰি নৰ’ল কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ সোমবাৰে সাংসদ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা কাঠৰ দলং মুকলি কৰিলে বৰদলৈয়ে ৷

ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগণিত হৈছে কচুৱা-ৰমণীপথাৰ-শিমলুগুৰি সংযোগী বৰপানী নৈৰ ওপৰত থকা বাঁহৰ দলঙখন ৷ এই দলঙখনৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে অঞ্চলটোৰ ৰাইজে ৷ 2021 চনৰ নিৰ্বাচনৰ আওঁতাতে হওঁক বা বৰমূৰীয়াসকলৰ সদিচ্ছাৰ ফলতে হওঁক, বহু অপেক্ষাৰ অন্তত মুকলি কৰা হ’ল এই দলং ৷

ৰাইজৰ কাষত এতিয়া ৰাজনৈতিক নেতাসকলৰ উপস্থিতি
কাঠৰ দলং মুকলি

উল্লেখ্য যে, সোমবাৰে সাংসদ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা এই কাঠৰ দলঙখন মুকলি কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ কেৱল এই দলঙখন মুকলি কৰাই নহয়, ৰহা সমষ্টিত কেইবাটাও আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে ৷ উক্ত অনুষ্ঠানতে ৰহাৰ বিধায়কগৰাকীক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰে সাংসদগৰাকীয়ে ৷ লগতে এইবেলি নিৰ্বাচনত কংগ্ৰেছ দলে জয় লাভ কৰি চৰকাৰ গঠন কৰাৰ দাবী কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

লগতে পঢ়কঃ প্ৰায় 120 বছৰৰ পিছত অসমৰ ভূমিত আপুৰুগীয়া মেণ্ডাৰিন ডাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.