হোজাই, 29 এপ্ৰিলঃ চৰকাৰী টকাৰ বাবে দুই পুত্ৰই মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে নিজ মাতৃক । এই ঘটনা সংঘটিত হৈছে হোজাইৰ ডবকাত । চৰকাৰে একাউন্টত দিয়া ৫০০ টকা নিদিয়াৰ বাবেই দুই পুত্ৰই শাৰিৰীকভাৱে আঘাত কৰি নিজ মাতৃক ঘৰৰ পৰা উলিয়াই দিয়ে । যাৰ বাবে অসহায় বৃদ্ধা গৰাকীয়ে দুদিন ৰাজপথতে নিশা অতিবাহিত কৰিবলৈ বাধ্য হয় ।
অসহায় বৃদ্ধাগৰাকীৰ বিষয়ে অৱগত হোৱাৰ পিচতে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণীতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে মঙলবাৰে, চন্দ্ৰবান বিবি নামৰ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে । উল্লেখ্য যে, বৃদ্ধাগৰাকীক প্ৰহাৰ কৰা দুই পুত্ৰ ক্ৰমে আনোৱাৰ আৰু ফাৰুকক ইতিমধ্যে মোৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ।
লগতে পঢ়কঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ