ETV Bharat / state

কাজিৰঙাত hitech sensor camera ই নিৰীক্ষণ কৰিব বাহনৰ গতি

author img

By

Published : Jul 24, 2021, 12:12 PM IST

নিৰ্দিষ্ট গতিত বাহন নচলালে এতিয়াৰে পৰা বিপদত পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান(Kaziranga national park)ৰ মাজেৰে পাৰ হোৱা যান-বাহনৰ চালকসকল ৷ জিলা পৰিবহণ বিভাগে লোৱা বিহিত ব‍্যৱস্থাৰ সন্মুখীন হ’ব চালকসকল ৷ কি কাৰণে চালকসকলৰ বিৰুদ্ধে লোৱা হ’ল এই কঠোৰ সিদ্ধান্ত ?

Modern Traffick Monitoring system installed in Kaziranga  national park
hitech sensor cameraই নিৰীক্ষণ কৰিব কাজিৰঙাৰ মাজেৰে যোৱা বাহনৰ গতি

কলিয়াবৰ, 24 জুলাই : এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান(Kaziranga national park)ৰ মাজেৰে পাৰ হোৱা যান-বাহনৰ চালকসকলে অৱলম্বন কৰিব লাগিব বিশেষ সাৱধানতা ৷ নিৰ্দিষ্ট গতিত বাহন নচলালে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা তথ‍্যৰ আধাৰত জিলা পৰিবহন বিভাগে ল'ব বিহিত ব‍্যৱস্থা ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ‍্যান ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা অত‍্যাধুনিক নিৰীক্ষণ ব‍্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হ’ব এই কাম ৷

উদ‍্যানখনৰ স্পৰ্শকাতৰ অঞ্চল তথা এনিমেল ক’ৰিডৰ(animal corridor) ত সংস্থাপিত কৰা হৈছে উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা(hitech sensor cameras) । এই চেনচৰ কেমেৰাই ৰাজপথৰে যোৱা প্ৰতিখন বাহনৰ গতিবেগ নিৰীক্ষণ কৰে । বাহনৰ গতিবেগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত স্থাপন কৰিছে নিৰীক্ষণ চকী ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ(NH 37)ৰ কাষতে স্থাপন কৰা নিৰীক্ষণ চকীত বহিয়েই বাহনৰ গতিবেগৰ ওপৰত চোকা দৃষ্টি দিয়াৰ ব‍্যৱস্থা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই ।

কাজিৰঙাত hitech sensor camera ই নিৰীক্ষণ কৰিব বাহনৰ গতি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে এতিয়া তীক্ষ্ণ দৃষ্টি ৰাখিছে পথচোৱাত । ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মাজে মাজে স্থাপন কৰা গাড়ীৰ গতিবেগ নিৰীক্ষণ যন্ত্ৰৰ জৰিয়তে প্ৰাপ্ত সকলো তথ্য কাৰ্যালয়ত বহিয়েই নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ দুটাকৈ স্থানত সংস্থাপিত কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিযুক্ত চেনচৰ কেমেৰা । এই অত‍্যাধুনিক প্ৰযুক্তি ব‍্যৱস্থাৰ জৰিয়তে যান-বাহনৰ নিয়ন্ত্ৰিত গতিবেগৰ বাবে সঘনাই ঘটি থকা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পৰা যাব জীৱকূলক ৷

বিশেষকৈ বানৰ সময়ত আশ্ৰয় বিচাৰি ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা জীৱকূল পূৰ্বতকৈ অধিক সুৰক্ষিত হ'ব । আনহাতে, কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া প্ৰতিঘণ্টাত ৪০ কিল’মিটাৰ গতিত বাহন নচলালে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই যোগান ধৰা তথ‍্যৰ আধাৰত জিলা পৰিবহণ বিভাগে বিহিত ব‍্যৱস্থা ল'ব । এতিয়া বিশেষকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ এই সময়চোৱাত অধিক কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল(Burha pahar range) কৰ্তৃপক্ষ ।

লগতে পঢ়ক : মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.