নগাঁও,21 জানুৱাৰী : নগাঁৱৰ ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা বিধায়ক হোৱাৰ স্বপ্ন দেখি মাত্ৰ কেইদিনমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল দুই প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু মজিবুৰ ৰহমানে । দুয়োটা সমষ্টিতেই নেতা দুগৰাকীয়ে যোগদান কৰাক লৈ দলৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । কেৱল দুই প্ৰাক্তন বিধায়কেই নহয়, ধিং আৰু ৰূপহীহাট সমষ্টিৰ পৰা বিজেপিৰ কেইবাজনো নেতাই বৃদ্ধি কৰিছে এই নিৰ্বাচনী তৎপৰতা ।
ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উঠা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ গইনা লৈ অন্যান্য দলৰ লগতে বিজেপিৰ কেইবা গৰাকী নেতাই সমষ্টিটোত অব্যাহত ৰাখিছে ব্যাপক তৎপৰতা । সমষ্টিটোৰ পৰা অসম প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভানেত্ৰী ছালমা জেচমিন, সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য নজিৰ হুছেইন, কলিয়াবৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভানেত্ৰী ফাৰনাজ আহমেদৰ উপৰিও নতুনকৈ বিজেপিত যোগদান কৰা ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।
দিনে-নিশাই সমষ্টিৰ ভিন্ন প্ৰান্তত সৰু-বৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সমষ্টিটোৰ পৰা কংগ্ৰেছক উৎখাতৰ চেষ্টা অব্যাহত ৰাখিছে নেতাসকলে । নানা ভাষণেৰে সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টাও অব্যাহত ৰাখিছে এইসকল বিজেপি নেতাই । ঠিক সেইদৰে এআইইউডিএফৰ দখলত থকা ধিং বিধানসভা সমষ্টিতো প্ৰচাৰ আৰম্ভ কৰিছে নতুনকৈ বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানসহ কেইবাগৰাকী নেতাই । সমষ্টি দুটাত বিজেপি দলৰ সংখ্যালঘু নেতাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়তেই বুধবাৰে সকলোৱে হতাশ হোৱা এক মন্তব্য কৰে শাসকীয় দলটোৰ নেতা তথা ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ।
মন্ত্ৰী পীযুষ হাজৰিকাৰ আশ্চৰ্যকৰ মন্তব্য অনুসৰি, ধিং আৰু ৰূপহীহাট সমষ্টিত কংগ্ৰেছ অথবা এআইইউডিএফ দলৰ প্ৰাৰ্থীয়েই নিৰ্বাচনত জয়লাভ কৰিব । লগতে তেওঁ কয় যে, এই সমষ্টি দুটাক লৈ বিজেপিৰ কোনোধৰণৰ আগ্ৰহী নহয় ৷
মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই এতিয়া যেন স্বপ্নভংগ কৰিছে বিজেপিৰ এইসকল নেতাৰ লগতে দুই প্ৰাক্তন বিধায়কৰ । প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ব্যাপক প্ৰচাৰ চলালেও সমষ্টি দুটাত যেন বিজেপিয়ে একপ্ৰকাৰ আত্মসমৰ্পণ কৰিছে সেয়া স্পষ্ট কৰি দিছে মন্ত্ৰী পীযুষ হাজৰিকাই ।
নিজ দলৰ মন্ত্ৰীয়েই বিজেপি জয়ী হ’ব নোৱাৰে বুলি কোৱাৰ পাচত দলটোৰ নেতাসকলে এতিয়া কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাব তাক লৈ দুই সমষ্টিবাসীৰ মাজত উত্থাপন হৈছে এক ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়ক : বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ