ETV Bharat / state

Developments in Nagaon; উন্নয়নৰ ক্ষেত্ৰত ভোট বেংক মোৰ মাপকাঠি নহয়; ৰূপক শৰ্মা - MLA Rupak Sarma

নগাঁও সমষ্টিত দুদিনত মুঠ ২৬ টা পথৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলে বিধায়ক ৰূপক শৰ্মাই (Road construction works in Nagaon)। অৱশেষত নগাঁও জুৰীয়া সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰো হ’ল শুভাৰম্ভ । উন্নয়নৰ ক্ষেত্ৰত ভোট বেংক মাপকাঠি নহয় বুলি মন্তব্য বিধায়ক শৰ্মাৰ ৷

Nagaon Development
দুটা দিনত নগাঁৱত ২৬ টাকৈ পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ
author img

By

Published : Apr 2, 2023, 8:22 PM IST

দুটা দিনত নগাঁৱত ২৬ টাকৈ পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

নগাঁও, 2 এপ্ৰিল : বিতৰ্কৰ বিপৰীতে উন্নয়নমূলক কামত ব্যস্ত এগৰাকী বিধায়ক ৷ দুটা দিনত ২৬ টাকৈ পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে নিজৰ সমষ্টিত (Road construction works in Nagaon) ৷ সমষ্টি উন্নয়নত পিঠি দিয়া, নিজৰ কৰ্মী-সমৰ্থকৰ পৰা আঁতৰি বহু বিধায়কে কম সময়তে সমষ্টিবাসীৰ সমৰ্থন হেৰুওৱাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে । কিন্তু এনে সময়ত কেৱল উন্নয়নমূলক কামৰ বাবেই দিনক দিনে নিজৰ সমৰ্থন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বিজেপি দলৰ এগৰাকী বিধায়কে (MLA Rupak Sarmah in Nagaon) ।

একেৰাহে দ্বিতীয়বৰৰ বাবে নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাতেই মধ্য অসমৰে গুৰুত্বপূৰ্ণ নগাঁও চহৰখনেই লাভ কৰিছে এক নতুন ৰূপ । এই দাবী নগাঁও সদৰ সমষ্টিৰ একাংশ ৰাইজৰ ৷ নগাঁও চহৰৰ বাট পথ নিৰ্মাণকে ধৰি সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও চহৰৰ সমান্তৰালকৈ গ্ৰামঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰতো সমানে গুৰুত্ব প্ৰদান কৰি আহিছে বিধায়ক ৰূপক শৰ্মাই । নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত কেবাটাও এলেকাৰ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও জুৰীয়া সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই (Developmental works in Nagaon)।

কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত কেবাটাও এলেকাৰ পথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই কয়, ‘‘ভোট বেংক মোৰ বাবে কেতিয়াও উন্নয়নৰ মাপকাঠি নহয় ।’’ এটা সমষ্টিৰ বিধায়ক হিচাপে সমষ্টিৰ প্ৰতিটো এলেকা উন্নয়নেই দায়িত্ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

কংগ্ৰেছে এক শ্ৰেণীৰ লোকক কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি ঠগি অহা বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । ইয়াৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ মাজত বিভিন্ন অপপ্ৰচাৰ চলোৱা নগাঁও মেডিকেল কলেজ শুভাৰম্ভ হোৱাৰ পিচত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বন্ধ হোৱাৰ আশংকা কৰিছে একাংশই । কিন্তু ইয়াৰ মাজতে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত সকলো বিভাগৰ চিকিৎসা অব্যাহত থাকিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই (Rupak Sharma slams Congress) ।

উল্লেখযোগ্য যে, শনিবাৰে নগাঁও সদৰ সমষ্টিৰ ১৫ টাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰাৰ পিচত দেওবাৰে আৰু ১১ টাকৈ পথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক : Assam Govt Recruitment : প্ৰসংগ : অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া; বৰ্তমানেও ৭১১ টা ANM নাৰ্চৰ পদ খালী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.