নগাঁও, 29 নৱেম্বৰ : ‘কা’ আন্দোলন(CAA Protest) কৰি কোনোবা সাংসদ হ’ল আৰু কোনোবা বিধায়ক হ’ল । ‘কা’ আন্দোলনৰ নামত ৰাইজক বিপথে পৰিচালিত কৰি কোনোবা বিধায়ক হ’ব খুজিছিল যদিও ৰাইজে গ্ৰহণ নকৰিলে । বিগত সময়ত এনে একাংশ নেতাই ‘কা’ আন্দোলনৰ নামত অসমীয়াক বিপথে পৰিচালিত কৰিছিল যদিও এতিয়া আৰু এই আন্দোলনৰ নাম লৈ কোনেও অসমীয়াক বিপথে পৰিচালিত কৰিব নোৱাৰে ৷
দেওবাৰে নগাঁৱত বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যবাহী সভাত উপস্থিত থাকি ‘কা’ আন্দোলনক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা(MLA Jayanta Malla Baruah on CAA Protest)ই । কৃষকৰ আন্দোলনত একপ্ৰকাৰ শিৰণত কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বাতিল(Farm Laws Repeal) কৰিবলৈ বাধ্য হোৱাৰ পাচতেই অসমত পুনৰ প্ৰাসংগিক হৈ পৰিছে ‘কা’ আন্দোলন ।
বিৰোধী দলৰ নেতাৰ পৰা জাতীয় সংগঠনৰ নেতালৈকে সকলোৰে মুখত পুনৰ এবাৰ হ’লেও উচ্চাৰণ হৈছে ‘কা’ আন্দোলনৰ প্ৰসংগ । অসমত পুনৰ ‘কা’ আন্দোলন আৰম্ভ হ’ব বুলি একাংশই মন্তব্য কৰাৰ সময়তে এইদৰে আন্দোলনক লৈ নিজ মন্তব্য আগবঢ়ায় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷
মন্তব্যৰ জৰিয়তে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাজনীতিত যোগদান কৰা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো পৰোক্ষভাৱে কটাক্ষ(Jayanta Malla Baruah criticizes Lurinjyoti Gogoi) ৷ তেওঁ কয় যে, আন্দোলনৰ নাম লৈ ৰাইজক বিপথে পৰিচালিত কৰি লুৰিণে বিধায়ক হ’ব বিচাৰিছিল ৷ কিন্তু ৰাইজে বিধায়ক হিচাপে লুৰিণক গ্ৰহণ নকৰিলে ৷
লগতে তেওঁ কয় যে, সকলো কথা ক’বলৈ, অভিভাৱকত্ব কৰিবলৈ অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ৰ দৰে এগৰাকী যোগ্য ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছে ৷ সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ‘কা’ আন্দোলনৰ নামত পুনৰ অসমীয়া ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিধায়ক বৰুৱাই ৷
গতিকে এনে পৰিপ্ৰেক্ষিতত ‘কা’ আন্দোলনে এইবাৰ কোন দিশে গতি লয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব । বিগত নিৰ্বাচনত ‘কা’ সমৰ্থন কৰা ৰাজনৈতিক দলক জনমত প্ৰদান কৰা অসমবাসীয়ে ‘কা’ বিৰোধী আন্দোলনক কিমান দূৰ গ্ৰহণ কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ’ব ৷
লগতে পঢ়ক : Kamakhya Temple General election : কবিন্দ্ৰ শৰ্মা বৰদলৈ আৰু হিমাদ্ৰী শৰ্মা সৰুদলৈ নিৰ্বাচিত