ETV Bharat / state

পুৰণিগুদামলৈ আহি হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ? - Minister sanjay kishan visits Puranigudam

অসম চৰকাৰৰ হাফলঙত অনুষ্ঠিত কেবিনেট(Assam government's cabinet meeting at Haflong)ৰ পৰা ওভটি অহাৰ পথত মন্ত্ৰী সঞ্জয় কিষাণক (Minister Sanjay Kishan in Puranigudam) জ'ব কাৰ্ডৰ শ্ৰমিকৰ ৰূপত দেখা গ’ল নগাঁৱৰ পুৰণিগুদামত ৷ অঞ্চলটোৰ স্থানীয় লোকৰ সৈতে মত-বিনময় কৰা অৱস্থাত এজনৰ সৈতে তৰ্ক-বিতৰ্কও কৰিলে মন্ত্ৰীয়ে ৷ সবিশেষ জানো আহক ৷

minister-sanjay-kishan-visits-puronigudam-area-of-nagaon
হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?
author img

By

Published : Jan 21, 2022, 8:53 AM IST

চামগুৰি, 21 জানুৱাৰী : নগাঁৱৰ পুৰণিগুদামত জ'ব কাৰ্ডৰ শ্ৰমিকৰ ৰূপত দেখা গ’ল মন্ত্ৰী সঞ্জয় কিষাণক (Minister Sanjay Kishan in Puranigudam) । হাতত কোৰ লৈ শ্মশানত মাটি কাটিলে মন্ত্ৰীগৰাকীয়ে ৷ এই সময়তে পুৰণিগুদামৰ এজন স্থানীয় লোকে মন্ত্ৰী গৰাকীক ৰাজ্যৰ উন্নয়ন বিশেষকৈ মন্ত্ৰী গৰাকীৰ নিজৰে সমষ্টি তিনিচুকীয়াৰ উন্নয়ন সন্দৰ্ভত প্ৰশ্ন কৰাত কিছু পৰিমাণে ক্ৰোধিত হোৱা দেখা গ’ল মন্ত্ৰী সঞ্জয় কিষাণক ।

লোকজনৰ কথাৰ প্ৰতি সঁহাৰি জনাই নিজৰ সমষ্টিত তেওঁ কৰা প্ৰতিটো কামৰ হিচাপ দিয়া দেখা গ’ল মন্ত্ৰী কিষাণক ৷ পিছত লোকজনৰ ফোন নাম্বাৰ সংগ্ৰহ কৰি উন্নয়নৰ নমুনা প্ৰেৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী কিষাণে ৷ জানিব পৰা মতে, অসম চৰকাৰৰ হাফলঙত অনুষ্ঠিত কেবিনেট(Assam government's cabinet meeting at Haflong)ৰ পৰা ওভটি অহাৰ পথত মন্ত্ৰী গৰাকীয়ে পৰ্যবেক্ষণ কৰে পুৰণিগুদামৰ বিভিন্ন চৰকাৰী প্ৰকল্প ।

হঠাৎ কিয় খং উঠিল মন্ত্ৰী সঞ্জয় কিষাণৰ ?

ইয়াৰ মাজতে বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিতৰ্ক(MLA Amiya Bhuyan Viral phone call controversy)ৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী । আনহাতে, মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ক’লে বিজেপি চৰকাৰত মন্ত্ৰী-বিধায়কৰ পাৰ্থক্য নাই ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.