ETV Bharat / state

আঙুৰলতাক লগত লৈ বটদ্ৰৱা পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ - বটদ্ৰৱা পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ

প্ৰাক্তন বিধায়িকাক লগত লৈ 'বটদ্ৰৱা প্ৰকল্প' স্থলীত উপস্থিত হ’ল সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা । ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই বিশেষ প্ৰকল্পটো ৷

আঙুৰলতাক লগত লৈ বটদ্ৰৱা পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ

author img

By

Published : Jun 12, 2021, 6:36 PM IST

নগাঁও, 12 জুন : প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক লগত লৈ বটদ্ৰৱাৰ নিৰ্মিয়মান প্ৰকল্পস্থলীত উপস্থিত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মাণৰত 'বটদ্ৰৱা প্ৰকল্প' স্থলীত শুকুৰবাৰে বিয়লি উপস্থিত হয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা । প্ৰকল্পস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বোকা পানী গচকি পৰিদৰ্শন কৰিলে বটদ্ৰৱা প্ৰকল্প স্থলী ৷

আঙুৰলতাক লগত লৈ বটদ্ৰৱা পৰিদর্শন মন্ত্ৰী বিমল বৰাৰ

উল্লেখ্য যে, অসম চৰকাৰে ৮ জুনত অনুষ্ঠিত কেবিনেট বৈঠকত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হৈ থকা 'বৰদোৱা প্রকল্প'ৰ কামকাজ তৰান্বিত কৰাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাক প্ৰকল্প নিৰ্মাণৰ নিৰীক্ষণৰ দায়িত্ব প্ৰদান কৰিছিল ৷ প্ৰতি মাহতে পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পাচত আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰে ৷

মন্ত্ৰী বিমল বৰাৰ সৈতে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে ৷ জিলা উপায়ুক্ত কবিতা পদ্মনাভনক লগত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক তথা বিষয়ববীয়া সকলৰ লগতো প্ৰকল্পস্থলীত কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰী বিমল বৰা ৷ ইফালে ১৮ মাহত সম্পূৰ্ণ হ'বলগীয়া বটদ্ৰৱা প্ৰকল্পৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.