ৰহা,২৪ নৱেম্বৰ : ৰাজ্যৰ ঋণগ্ৰস্থ মহিলাসকলৰ কষ্ট দূৰীকৰণৰ বাবে অসম চৰকাৰে সকাহমূলক ঋণ ৰেহাই আঁচনিৰ জৰিয়তে বিশেষ পদক্ষেপ লৈছে । চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শেহতীয়াকৈ চৰকাৰে চেকসমূহ বিতৰণ কৰিছে (AMFIRS cheque distribution)।
কিন্তু এই চেক এতিয়াও লাভ কৰা নাই বহু মহিলাই । চৰকাৰে চেক প্ৰদান কৰাৰ পাছতো আজিলৈ বহু মহিলাৰ হাতত পৰা নাই চেক । একাংশ প্ৰতিষ্ঠানে চেকসমূহ কৌশলগতভাৱে বিতৰণ কৰা নাই । নগাঁও জিলাৰ ৰহাতো তেনেই এক ঘটনা সংঘটিত হৈছে ।
অসম চৰকাৰে দিয়া চেকসমূহ ইউনাকো (UNACCO) নামৰ মাইক্ৰ'ফাইনেন্স কোম্পানীটোৱে বিতৰণ নকৰাৰ অভিযোগ উঠিছে । চেক ল'বলৈ আহি নিৰাশ হ'বলগীয়া হৈছে একাংশ মহিলা ৷ অভিযোগ অনুসৰি আগতীয়াকৈ ঋণৰ ধন জমা নিদিলে কোম্পানীটোৱে চেক নিদিয়ে মহিলাসকলক । ৰহাৰ থেকেৰাগুৰিৰ কেইগৰাকীমান মহিলাৰ অভিযোগ এয়া ৷
সম্প্ৰতি চেকসমূহ নোপোৱাত সমস্যাত পৰিছে মহিলাসকল । বৃহস্পতিবাৰেও একাংশ মহিলাই চেক বিচাৰি ইউনাকো কোম্পানীটোৰ কাৰ্যালয়ত উপস্থিত হৈছিল । কিন্তু কোম্পানীটোৰ বিষয়াই মহিলাসকলক চেক প্ৰদান কৰিম বুলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ কৰিছে । চেক দিম বুলি মহিলাসকলক মাতি পঠিয়াই যদিও কাৰ্যালয়টোত নাথাকে কৰ্মচাৰী । প্ৰায়ে বন্ধ থাকে কাৰ্যালয়টো । যাৰ বাবে এতিয়া বিবুদ্ধিত পৰিছে মহিলাসকল ।
মাইক্ৰ'ফাইনেন্স কোম্পানীটোৰ কৰ্মচাৰী মইমতালিৰ বাবে মহিলাসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে । যাৰ বাবে কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ভুক্তভোগী মহিলাসকল (AMFIRS beneficiaries protest in Raha)।ইউনাকো নামৰ কোম্পানীটোৰ এই অনিয়মৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মহিলাসকলে । আনহাতে চৰকাৰী পক্ষকো এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে । লক্ষণীয়ভাৱে চৰকাৰে চেকসমূহ জাৰী কৰাৰ পাছতো কিয় কোম্পানীটোৱে মহিলাসকলক চেক প্ৰদান কৰা নাই তাক লৈ ৰহস্যৰো সৃষ্টি হৈছে ।
লগতে পঢ়ক :PMAY scam : ৰঙিয়াৰ মৰাণজানা পঞ্চায়তত ব্যাপক কেলেংকাৰী