ETV Bharat / state

ভেকচিন প্ৰদানৰ দাবীত এ জে ৱাই চি পি ৰ স্মাৰকপত্ৰ

author img

By

Published : May 15, 2021, 10:22 PM IST

ৰাজ্যৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰসমূহত ভেকচিনৰ নাটনি ৷ সকলোকে ভেকচিন প্ৰদানৰ দাবীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

memorandum-to-cm-for-covid-vaccination-to-all-by-ajycp
ভেকচিন প্ৰদানৰ দাবীত এ জে ৱাই চি পি ৰ স্মাৰকপত্ৰ

নগাঁও, 15 মে': সম্প্ৰতি কোভিড-19 ক লৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়ত ক’ভিড প্ৰতিষেধক ল’বলৈ একাংশই হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে । স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰ ক’ভিড-19 ক লৈ যথেষ্ট তৎপৰ হৈছে যদিও ক’ভিড ভেকচিনৰ নাটনি হোৱাৰো অভিযোগ উত্থাপন হৈছে ।

এনে সময়তে শনিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰি এখনি স্মাৰকপত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । প্ৰতিজন নাগৰিকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ দাবীত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : অসমৰ পৰা অপহৃত শিশুক ইটানগৰত উদ্ধাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.