ETV Bharat / state

মুখ্যমন্ত্ৰীক কিয় প্ৰশংসা আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ? - Martyr Anil Bora Remembered on his 49th Death Anniversary

অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ 49 সংখ্যক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰে বেদখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ।

Martyr Anil Bora
অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক আদৰণি দীপাংকৰ নাথৰ
author img

By

Published : Oct 7, 2021, 9:12 PM IST

নগাঁও, 7 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কামৰ প্ৰশংসা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে। চৰকাৰে বেদখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ।

অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক আদৰণি দীপাংকৰ নাথৰ

অসমৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ 49 সংখ্যক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাপতি দিপাংক কুমাৰ নাথে ভাষা আন্দোলনৰ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এই দিৱসৰ লগত সংগতি ৰাখি নগাঁও চহৰৰ শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীৰ লগতে আন ৩৮ গৰাকী বিশিষ্ট ব্যক্তিয়ে মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে । এই অনুষ্ঠানৰ পাছতে নগাঁও সাংস্কৃতিক প্ৰকল্পত নগাঁও জিলা ছাত্ৰ সন্থাই ৰাজ্যিক ভিত্তিত এখন আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

লগতে পঢ়ক : ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

উক্ত অনুষ্ঠানৰ পহিলাতে আছুৰ কেন্দ্ৰীয় সভাপতি দিপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমৰ শ্বহীদ সকলৰ ত্যাগক সদৌ অসম ছাত্ৰ সন্থাই অথলে যাবলৈ নিদিয়ে । জাতিটোৰ বাবে আত্ম উচৰ্গা কৰা প্ৰতি গৰাকী শ্বহীদক অসমীয়া জাতিয়ে চিৰদিন-চিৰকাল স্মৰণ কৰি যাব ।

ইয়াৰ উপৰিও সভাপতি নাথে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক আদৰণি জনায় । অৱশ্যে আকাশলংঘী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি সভাপতি দিপাংকৰ নাথে অভিযোগ উত্থাপিত কৰিছে । অনুষ্ঠানত শ্বহীদ অনিল বৰাৰ কনিষ্ঠ ভাতৃকে প্ৰমুখ্যে কৰি কেইবা গৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.