নগাঁও,30 নৱেম্বৰ : নগাঁৱৰ কুঁজীডাহত দেওবাৰে উদযাপন কৰা হয় এক ব্যতিক্ৰমী ৰাস মহোৎসৱ ৷ শিশুৰ পৰা আৰম্ভ কৰি 70 বছৰীয়া বৃদ্ধলৈকে অংশগ্ৰহণ কৰে ৰাস নৃত্যত । ক’ভিড প্ৰট’কল মানি আৰু পিপিই কিট পৰিধান কৰি 95 বছৰীয়া কুঁজীডাহৰ এই ঐতিহ্যমণ্ডিত ৰাসোৎসৱত প্ৰদৰ্শন কৰিলে ৰাস নৃত্য ।
এই ৰাসথলীত যুৱতী তথা মহিলাৰ বিপৰীতে গোপী, শংখচূড় আদি সকলো ভাওতেই দেখা গ’ল যুৱক আৰু বৃদ্ধসকলক । কিশোৰকালৰ পৰাই কুঁজীডাহৰ এই ৰাস মহোৎসৱত নৃত্য কৰি বৃদ্ধ হ’ল বহুকেইজন লোক । 10-12 বছৰৰ পৰাই এই ৰাস মহোৎসৱত নৃত্য কৰি অহা বহু বৃদ্ধই আজিও খোল-তালৰ চেৱে-চেৱে নৃত্য প্ৰদৰ্শন কৰে । এইবেলি ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকী গোপীয়ে বিগত 7 দশক ধৰি একেটা ৰাস উৎসৱতেই কৰি আহিছে ৰাস নৃত্য ৷
উল্লেখ্য যে, 1926 চনত গঁজালি গোহাঁই নামৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল কুঁজীডাহৰ এই ৰাস মহোৎসৱ । আৰম্ভণিৰ পৰাই কুঁজীডাহৰ এই ৰাস মহোৎসৱত মহিলাৰ ৰাসো অনুষ্ঠিত হৈ আহিছে । আগন্তুক 2026 চনত জাক-জমকতাৰে এই ৰাস মহোৎসৱৰ শতবর্ষ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ৰাস সমিতিয়ে ।
লগতে পঢ়ক : পাটাছাৰকুছিত ৰাস মহোৎসৱ উদ্বোধন কৰিলে ৰণজিৎ দাস