ETV Bharat / state

Maghi purnima 2023: ভড়ালী নামঘৰৰ মাঘী পূৰ্ণিমাত ভাওনা প্ৰদৰ্শন

কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰত উদযাপিত মাঘী পূৰ্ণিমাৰ সামৰণি (Bharali Namghar in Kaliabor)। এই উপলক্ষে গোলাঘাটৰ অৱতাৰ নাট‍্য গোষ্ঠীয়ে 'নৃসিংহ অৱতাৰ' ভাওনা পৰিৱেশন কৰে । উল্লেখ্য় যে ১৫৯৪ শকতে স্থাপন হৈছিল ঐতিহাসিক এই ভড়ালী নামঘৰটো ।

Bharali Namghar in Kaliabor
ভড়ালী নামঘৰত মাঘী পূৰ্ণিমা
author img

By

Published : Feb 7, 2023, 12:56 PM IST

ভড়ালী নামঘৰত মাঘী পূৰ্ণিমা

কলিয়াবৰ,৭ ফেব্ৰুৱাৰী:যোৱা দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভড়ালী নামঘৰত পালন কৰা মাঘী পূৰ্ণিমা কাৰ্যসূচীৰ সোমবাৰে নিশা সামৰণি পৰে (Maghi purnima observed at bharali namghar)। অন্তিম দিনা প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা ৷ গোলাঘাটৰ এক ভাওনা দলে প্ৰদৰ্শন কৰা নৃসিংহ মূৰাৰী ভাওনাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ কলিয়াবৰৰ লগতে ভড়ালী গাঁৱৰ লোকসকলৰ উপৰি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমৰে এই মাঘী পূৰ্ণিমাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় (Bhaona performed in Kaliabor) ।

প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ ভড়ালী নামঘৰত পালন কৰা হয় মাঘী পূৰ্ণিমা (Maghi purnima at Bharali Namghar)। দেওবাৰৰ পৰা পালন হোৱা এই উৎসৱৰ শেষৰ দিনটোত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত নিশা গোলাঘাটৰ অৱতাৰ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে 'নৃসিংহ অৱতাৰ' নামৰ ভাওনাখন (Narasimha Avatar Bhaona performed in Kaliabor)। কলিয়াবৰত প্ৰচলিত গুৰুজনাৰ অঙ্কীয়া শৈলীৰ ব্ৰজাৱলী ভাষাৰ বিপৰীতে কথিত অসমীয়াত পৰিৱেশন কৰে এই ভাওনাখন । এই ভাওনাখন শ শ লোকে উপভোগ কৰে । এই দুয়োদিনতেই নাম-প্ৰসংগ, ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰে ঐতিহাসিক নামঘৰটো ।

উল্লেখযোগ‍্য যে, ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত উদযাপন কৰা এই মাঘী পূৰ্ণিমা কাৰ্যসূচী প্ৰত্যেক বছৰে উলহ-মালহৰে পালন কৰি আহিছে কলিয়াবৰ তথা ভড়ালী গাঁওবাসীয়ে (Bhaona at Maggi Purina in Kaliabor)। যোৱা চল্লিশ বছৰৰ পৰা এই উৎসৱ বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আহিছে নামঘৰ পৰিচালনা সমিতিয়ে । তথ্য় অনুসৰি ১৫৯৪ শক মানতে বামগাঁৱত বর্তমান দৌলপুখুৰী বালিসত্ৰৰ বাপুৰাম দেউৱে এই নামঘৰ প্রতিষ্ঠা কৰিছিল বাবে তেতিয়াৰে পৰাই এই ঠাইখনক কেন্দ্ৰ কৰি চৰ্চা কৰি আহিছে ।

বুৰঞ্জীত উল্লেখ কৰা অনুসৰি মানৰ তৃতীয় আক্ৰমণৰ পাছত ১৭৪৪ শক মানত বালিসত্রৰ গোসাঁয়ে বিখ্যাত চতাই আলিৰ কাষত এই নামঘৰটো প্রতিষ্ঠা কৰা হৈছিল । ইয়াৰ পিছতে ইয়াৰ পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰে আহোম বিষয়া ভড়ালী হাজৰিকাৰ হাতত । সেই কাৰণে এই নামঘৰৰ নাম ভড়ালী নামঘৰ হিচাপে জনা যায় । আনহাতে, ইয়াৰ পৰাই গাঁওখনৰ নাম ভঁৰালী গাঁও হয় । লাহে লাহে এই গাঁওখনৰ ৰাইজে ইয়াত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক:Earthquake jolts Turkey: শক্তিশালী ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত প্ৰাণ হেৰুৱালে 2,300 গৰাকী লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.