ৰহা, 10 মে: ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে চৰকাৰে অনলাইন পাঠদান আৰম্ভ কৰিছে যদিও, এই অনলাইন পাঠদানৰ পৰা বঞ্চিত হৈ আছে গ্ৰামাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী । কিয়নো অভাৱগ্ৰস্ত গ্ৰামাঞ্চলৰ বহু পিতৃ-মাতৃৰ হাতত নাই সুচল ইণ্টাৰনেটযুক্ত স্মাৰ্ট ফোন । যিয়ে আশংকা নমাই আনিব পাৰে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনলৈ । ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাত হ'ব পৰা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি, আগবাঢ়ি আহিল ৰহাৰ বগৰিগুৰিৰ এহাল দম্পতী । বৰ্তমানেও পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানৰ উদ্দেশ্যে আগবাঢ়ি আহিল, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক পৰাগ তামুলী আৰু মৰিগাঁও জিলাৰ পলাহজুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জাহ্নৱী গগৈ ।
লক্ ডাউনৰ সময়ছোৱাত শিক্ষক পৰাগ তামুলীয়ে চুবুৰীয়াৰ আঠজনকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মাতি আনি, পুৱাৰ ভাগত সামাজিক ব্যৱধান বৰ্তাই ঘৰৰ চোতালতে আৰম্ভ কৰিছে পাঠদান । ইয়াৰোপৰি শিক্ষকগৰাকীয়ে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো অব্যাহত ৰাখিছে অন-লাইন পাঠদান । ঠিক তেনেদৰে তেওঁৰ পত্নী জাহ্নৱী গগৈয়েও বিয়লি বেলা অনুৰূপভাৱেই প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আৰম্ভ কৰিছে পাঠদান । যি পদক্ষেপৰ শলাগ লৈছে ছাত্ৰ-ছাত্ৰীসকলেও । বিগত 22 মাৰ্চৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ সময়তে, এই শিক্ষক দম্পতীহালৰ এনে পদক্ষেপ সঁচাকৈয়ে আদৰণীয় ।
লগতে পঢ়কঃ দীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !