বঢ়মপুৰ, ২৫ ডিচেম্বৰ: নগাঁৱৰ বৰকলা আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত স্থাপন কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাংগ মূৰ্তি আজি উন্মোচন কৰা হয় । ৰসৰাজৰ মূৰ্তি উন্মোচন কৰে বৰকলা আদৰ্শ লালুং গাঁৱৰ গাঁওবুঢ়া মনোৰাম ডেকা ৰজাই । মূৰ্তিটোৰ উচ্চতা ১৮ ফুট ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, কবি, সাহিত্যিক ড০ নন্দ সিং বৰকলা, কবিতা ৰাণী সিং, যছৱন্ত সিঙৰ সৌজন্যত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ পিছত আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয় । তিনি মাহ জোৰা প্ৰচেষ্টাৰ অন্তত ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তিয়ে ।
উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাও উলিওৱা হয় । উন্মোচনী অনুষ্ঠানৰ সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ বসন্ত কুমাৰ গোস্বামীৰ লগতে বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সাহিত্যিক ড০ নৰেন কলিতা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা উপস্থিত থাকে ।
সভাৰ প্ৰাক ক্ষণত ড০ নন্দ সিং বৰকলাৰ শিক্ষা গুৰু ঘন বৰুৱাক উষ্ম আদৰণি জনোৱাৰ লগতে 'পোহৰত তিতা মানুহ', 'অ' মোৰ ওপজা ঠাই' আৰু 'অসমীয়া ভাষাৰ সুৱাগমনি' শীৰ্ষক তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।