ETV Bharat / state

বৃদ্ধ দম্পতীৰ বিলৈ, 9 বছৰে নিষ্পত্তি নহ’ল ভূমি সংক্ৰান্তীয় গোচৰ

কত’ চক্ৰ বিষয়া আহিল আৰু গ’ল ৷ কিন্তু এইটো দম্পতীৰ সমস্যা সমাধান কৰিব পৰাকৈ আজিলৈ কোনো আগবাঢ়ি নাহিল ৷ সপ্তাহত তিনিবাৰকৈ চাইকেলেৰে কুঁৱৰীটোলস্থিত কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহে দম্পতী জিতেন শৰ্মা আৰু সুমিত্ৰা দেৱী ৷ 9 বছৰে নিষ্পত্তি নহ’ল ভূমি বিবাদ (Land Dispute cases not settled for 9 years ) ৷

Land Dispute cases not settled for 9 years
9 বছৰ ধৰি নিষ্পত্তি নহ’ল ভূমি সংক্ৰান্তীয় গোচৰ
author img

By

Published : Aug 18, 2022, 8:59 AM IST

কলিয়াবৰ, 18 আগষ্ট: কলিয়াবৰৰ ৰাজপথত প্ৰায়েই দেখা এটা দম্পতী ৷ সপ্তাহটোৰ দুই তিনিটাকৈ দিন এনেকৈয়ে চাইকেলেৰে অহা যোৱা কৰা অৱস্থাত কলিয়াবৰৰ ৰাজপথত দেখা যায় এই দম্পতীক ৷ "আমি গাড়ী-মটৰৰ ভাড়া দিব আৰু নোৱাৰো ৷ সেইবাবেই আমি চাইকেল লৈয়েই অহা যোৱা কৰো ৷" কেমেৰাৰ আগত হুকহুকাই কান্দি উঠিল বৃদ্ধাগৰাকীয়ে ৷

কত’ চক্ৰ বিষয়া আহিল গ’ল ৷ কিন্তু এইটো দম্পতীৰ সমস্যা সমাধান কৰিব পৰাকৈ আজিলৈ কোনো আগবাঢ়ি নাহিল ৷ সপ্তাহত তিনিবাৰকৈ চাইকেলেৰে কুঁৱৰীটোলস্থিত কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহে দম্পতী জিতেন শৰ্মা আৰু সুমিত্ৰা দেৱী ৷ সঘনাই কাৰ্যালয়লৈ আহি থকাৰ পাছতো কোনেও তেওঁলোকক ভূমি সংক্ৰান্তীয় বেমেজালিটোৰ বিষয়ে ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে বুজাই নক'লে ৷

9 বছৰ ধৰি নিষ্পত্তি নহ’ল ভূমি সংক্ৰান্তীয় গোচৰ

বৃদ্ধ দম্পতীটোৱে যোৱা 9 বছৰ ধৰি তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে ভূমিৰ দলিলত নাম উঠোৱা আৰু ভূমিৰ ভাগ বাতোৱাৰা কৰা সন্দৰ্ভত ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহি আছে (Land Dispute cases not settled for 9 years ) ৷ ইফালে এই বিষয়টোত ভূমিৰ দলিলক লৈ উচ্চ ন্যায়ালয়ত 'ভুৱা দলিল'ৰ এটা গোচৰ ৰুজু কৰা হৈছিল ৷

শেহতীয়াকৈ এই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে কলিয়াবৰ চক্ৰ বিষয়া নীতিশা বৰাক ৷ ইয়াৰ পিছতেই বিষয়টো সম্পৰ্কত বুধবাৰে সংবাদমেল সম্বোধন কৰি ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই মন্তব্য আগবঢ়াই কয় যে উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰটো নিষ্পত্তি হ'লেই কলিয়াবৰৰ জিতেন শৰ্মা দম্পত্তিৰ মাটিৰ কাম-কাজ সম্পন্ন কৰিব পাৰিম ৷ লগতে দম্পতীটোৱে অভিযোগ কৰাৰ সন্দৰ্ভত লক্ষণাবন্ধাৰ প্ৰাক্তন গ্ৰাম-প্ৰধানে দম্পতীটোৰ মাটি-বাৰী সন্দৰ্ভত জালিয়াতি কৰাৰ কথা সঁচা বুলি প্ৰমান হ’লেই গ্ৰাম প্ৰধানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে কলিয়াবৰৰ চক্ৰ বিষয়াগৰাকীয়ে ৷ অৱশ‍্যে পূৰ্বৰ চক্ৰ বিয়াসকলে নিৰ্দিষ্ট গোচৰটোত কিয় গুৰুত্ব নিদিলে সেই বিষয়ে মন্তব‍্যৰ পৰা বিৰত থাকে বৰা ৷

লগতে পঢ়ক: শোচনীয় অৱস্থাত অসমৰ চৰকাৰী শিক্ষা খণ্ড

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.