নগাঁও,18 নৱেম্বৰ: নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ কাৰ্য নিৰ্বাহক সভাখন বুধবাৰে অনুষ্ঠিত হোৱাৰ পিছত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে ৷ বিজেপি চৰকাৰক উৎখাত কৰাৰ উদ্দেশ্যে ৰাইজৰ দলে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা বুলি কয় কোঁৱৰে ৷ তদুপৰি ৰাইজৰ দল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠিত হোৱা অসম জাতীয় পৰিষদক একত্ৰিত হ’বলৈ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷
সমাগত নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দল দুটা একত্ৰিত নহ’লে অসমীয়া ৰাইজক বিশ্বাসঘাতকতা কৰা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কৃষক নেতা গৰাকীয়ে ৷ ইপিনে,কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোঁৱৰে ৷ অখিল গগৈক কাৰাবন্দী কৰি চৰকাৰে দিশপুৰৰ পৰা দিল্লীলৈ এক ছিণ্ডিকেট চলাই আছে বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ধৈৰ্য কোঁৱৰে ৷ অখিল গগৈ শীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি আশাবাদী হৈ উঠিছে সংগঠনটোৰ নেতাসকল ৷