ETV Bharat / state

ৰাজ্যত কিডনীৰ নামত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট !

এইবাৰ কিডনী (KIDNY) ক্ৰয়ৰ নামত সংঘটিত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে নগাঁৱত (NAGAON)। চাকৰিৰ প্ৰলোভন দি কিডনী (KIDNY) ক্ৰয় কৰিব বিচৰা চক্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ । ৰাজ্যত গঢ়ি উঠিছে নেকি বৃক্কৰ ছিণ্ডিকেট ৷ কোনে চলাইছে বৃক্কৰ ছিণ্ডিকেট ৷

author img

By

Published : Jul 15, 2021, 10:58 PM IST

kidney_syndicate
ৰাজ্যত কিডনীৰ নামত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট !

নগাঁও,15 জুলাই : ৰাজ্যৰ প্রান্তে প্রান্তে গঢ়ি উঠিছে মানৱ দেহৰ অংগৰ (human organs business) ভয়ংকৰ ছিণ্ডিকেট । এইবাৰ চাকৰি দিয়াৰ নামত যুৱকৰ বৃক্ক নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগে পুনৰ সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । বুধবাৰে নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ একাংশ লোকৰ কিডনী (KIDNY) বিক্ৰীৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে এটাৰ পিছত এটা ভয়ংকৰ ঘটনা । কেইদিনমান পূৰ্বে হুজগাঁৱৰ দীপক সিং নামৰ লোকজনক চাকৰি দিয়াৰ প্ৰলোভন দি একেটা অঞ্চলৰে পদ্মকান্ত ভড়ালী আৰু দ্বীপ দাসে বহিঃৰাজ্যলৈ লৈ গৈছিল চাকৰি দিয়াৰ প্ৰলোভন দি।

গাৰ্ডৰ চাকৰি দিয়াৰ প্ৰলোভন দি কলিকতালৈ নি এখন চিকিৎসালয়ত পৰীক্ষা কৰাবলৈ লওঁতেই সন্দেহ ওপজে দীপক সিঙৰ (DIPAK SINGH)। স্বাস্থ্য পৰীক্ষা (HELTH) কৰাবলৈ অস্বীকাৰ কৰে দীপক সিঙে । লগে লগে দীপক সিঙক চাৰি লাখ টকা দিয়াৰো প্ৰলোভন দিয়ে দুই অভিযুক্তই । বিনিময়ত কিডনী দিবলৈ হেঁচা প্ৰদান কৰে দীপক সিঙক । নিজৰ দেহৰ পৰা কিডনী লৈ যোৱাৰ বিষয়ে গম পোৱাৰ লগে লগে কৌশলেৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰে দীপক সিঙে ।

কলিকতাৰ পৰা পলাই আহি নগাঁৱত উপস্থিত হয় দীপক সিং । কিডনী বিক্ৰী কৰা ঘটনা সন্দৰ্ভত বিগত কেইদিন ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ সময়তে এইজন দীপক সিঙে কিডনী ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজহাৰ ।

নগাঁও আৰক্ষীয়ে ঘটনাসন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত । এটাৰ পিছত এটা কিডনী বিক্ৰীৰ এনে ভয়ংকৰ ঘটনা পোহৰলৈ অহাত এতিয়া চিন্তিত সচেতন মহল । বিভিন্ন প্ৰলোভনেৰে কিডনী ক্ৰয় কৰিব বিচৰা এইসকলৰ আঁৰত আছে নেকি কোনো বৃহৎ চক্ৰ ৷ ৰাজ্যত গঢ়ি উঠিছে নেকি কিডনীৰ নামতো বৃহৎ ছিণ্ডিকেট ৷ ইয়াকে লৈ ৰাজ্যৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়কঃ দিছপুৰৰ নিউ মিনিষ্টাৰ ক'লনীত কিয় পৰিছে হাতুৰীৰ কোব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.