নগাঁও, 26 ডিচেম্বৰ: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকক আকৰ্ষণ কৰিব পৰা বহু সমল আছে যদিও যাতায়ত আৰু দৰ্শনৰ সুবিধাৰ অভাৱৰ ফলত তেনে বহু সমল এতিয়াও পৰ্যটকৰ দৃষ্টিগোচৰ হোৱা নাই ৷ এনে সমলসমূহকে পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ এতিয়া আন্তঃগাঁথনি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷ এতিয়াও পৰ্যটকৰ দৃষ্টিৰ পৰা আঁতৰত থকা তেনে এক সমল হ'ল বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিল ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত পতাহী বিলৰ জৈৱ বৈচিত্ৰ্যক আকৰ্ষিত ৰূপত তুলি ধৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ পতাহী বিলৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ স্বাৰ্থত পূৰ্বৰে পৰা চলি অহা ভোগালীৰ উৰুকাৰ মাছ ধৰা পৰ্ব নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

জানিব পৰা মতে পৰ্যটকৰ সুবিধাৰ বাবে উদ্যান কৰ্তৃপক্ষই পতাহী বিললৈ এটা 1 কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ কৰি উলিয়াইছে । লগতে খৰালিত শুকাই যোৱা বিলৰ পানী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰি থকা হৈছে এটা বান্ধ। উক্ত বান্ধৰ ওপৰেদি এখন দলঙ নিৰ্মাণ হ'ব আৰু এই দলঙৰ ওপৰেৰে পৰ্যটক সকল পতাহী বিললৈ যাব পাৰিব ৷ বাৰিষা বাঢ়নী পানী বুঢ়াপাহাৰ বনাঞ্চলত সোমালেও 12 মাহে একো অসুবিধা নোহোৱাকৈ পৰ্যটকসকল দলঙৰ ওপৰৰে পতাহী বিললৈ যাব পাৰিব বুলি জানিব পৰা গৈছে ৷

পতাহী বিলক পক্ষী নিৰীক্ষণ কেন্দ্ৰ হিচাপেও গঢ় দিয়াৰ বাবেও উদ্যান কৰ্তৃপক্ষই প্ৰচেষ্টা চলাইছে ৷ সেই অনুসৰি পতাহী বিললৈ অহা বহু পৰিভ্ৰমী পক্ষী দৰ্শনৰ বাবে বিলৰ পাৰতে অতি শীঘ্ৰে এটা পৰিদৰ্শন চকী নিৰ্মাণ হব । প্ৰায় 1০০ বিঘা ভূমিৰে আৱৰি থকা বুঢ়াপাহাৰ বনাঞ্চলৰ পতাহী বিলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে লোৱা বিশেষ পদক্ষেপৰ ফলত বিলখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ৷
জানিব পৰা মতে বলিউদৰ অভিনেতা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা 1 কোটি টকাৰ অনুদানৰ এটা অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পতাহী বিলক পৰ্যটকৰ আকৰ্ষণৰ বাবে গঢ়ি তোলাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিছে ৷
উল্লেখ্য যে অলপতে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা বুঢ়াপাহাৰ বনাঞ্চলৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে মত-বিনিময় কৰে। তেওঁৰ সৈতে উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ,কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ আৰু বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়া প্ৰদীপ কুমাৰ গোস্বামী ৷
লগতে পঢ়ক: কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ বিৰোধিতা স্থানীয় লোকৰ