বঢ়মপুৰ, 27 অক্টোবৰঃ কামপুৰত বানৰ ভয়াবহতা ৷ বৰপানী নৈৰ পিছত বৃদ্ধি পাইছে কপিলী, লুটুমাৰী নৈৰ জলপৃষ্ঠ ৷ বিগত দুই তিনিদিন ধৰি কাৰ্বি আংলং ,উত্তৰ কাছাৰ ,নগাঁও জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কামপুৰ অঞ্চলত বানে অধিক ভয়াবহ ৰূপ লোৱাৰ সম্ভৱনাই দেখা দিছে ৷ ইতিমধ্যে কামপুৰত কপিলী নৈয়ে বিপদ সীমা অতিক্ৰম কৰিছে ৷ কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি পুৱা ৮ বজাত কামপুৰত বিপত সীমাৰ ৩৫ ছেণ্টিমিটাৰ ওপৰৰে বৈ আছে কপিলী নৈৰ জলপৃষ্ঠ ৷
আনহাতে, বৰপানী নৈয়ে কচুৱাৰ মাধৱপাৰাৰ এটা মথাউৰি উটুৱাই নিয়াৰ ফলত ভয়াবহ বানৰ কবলত পৰিছে অঞ্চলটো । পথাৰত ধানে গেৰ ধৰা সময়তে আবতৰীয়া বানে সংহাৰ সৃষ্টি কৰাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে ৷