বঢ়মপুৰ,৩ ফেব্ৰুৱাৰী: কামপুৰস্থিত নগাঁও সমবায় চেনীকলত একাংশ দুষ্টচক্ৰই আৰম্ভ কৰিছে ধ্বংসলীলা । স্থানীয় লোকৰ অভিযোগ অনুসৰি আৰক্ষী আৰু বিভাগীয় কতৃপক্ষৰ অৱহেলাৰ বাবে চেনীকলটোৰ বহু মূল্য়বান সম্পদ নোহোৱা হৈছে । দিন দুপৰতে এতিয়া চোৰৰ উপদ্ৰৱ চলিছে কামপুৰ চেনীকলটোত ৷
দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা চেনীকলটোৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ দল উপস্থিত হোৱাৰ লগে লগে চেনীকলটোৰ মূল্যবান সামগ্ৰী চুৰি কৰিব অহা এটা চোৰৰ দলে পলায়ন কৰে ৷ কেমেৰা দেখি চোৰৰ দলটো পলাই পত্ৰং দিয়ে ৷ ইয়াৰ পিছতে স্থানীয় লোকসকলে কামপুৰ আৰক্ষীক খবৰ দিয়ে যদিও সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ উজাৰে স্থানীয় লোক সকলে ৷
লগতে পঢ়ক:কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ