বঢ়মপুৰ, 13 আগষ্ট: পুনৰ বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছে কামপুৰ তেতেলীসৰাৰ এজন যুৱক । কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা কামপুৰ তেতেলীসৰাৰ ফনিন্দ্ৰ দাস নামৰ এজন যুৱক তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। যুৱক জনৰ নিৰুদ্দেশৰ ঘটনাই তেতলীসৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
দিল্লীৰ এটা কোম্পানীত কৰ্মৰত ফনিন্দ্ৰ দাস তিনিদিনৰ পূৰ্বে কৰ্মস্থলীৰ পৰা নিজৰ ৰুমলৈ যোৱা অৱস্থাত নিৰুদ্দেশ হয় ৷ এই কথা ফনিন্দ্ৰৰ পৰিয়ালৰ লোকক ফোনযোগে জানিবলৈ দিয়ে একেলগে থকা সৰ্তীথই । এই সম্পৰ্কত পৰিয়ালৰ লোকে দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই দিল্লী আৰক্ষীয়ে ।
নিৰুদ্দেশ হোৱা যুৱকজনৰ সন্ধানৰ ব্যৱস্থা কৰি পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবৰ বাবে অসম চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।
লগতে পঢ়ক:বিশ্ব অংগদান দিৱস 2021: কোনে অংগদান কৰিব পাৰে আৰু কোনে নোৱাৰে !