ETV Bharat / state

KDSA Initiatives:গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া উন্নয়নত ক্ৰীড়া সন্থাৰ বিশেষ পদক্ষেপ - Kaliabor Sports Association

কলিয়াবৰ ক্ৰীড়া সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ ফুটবল আৰু ভলীবলৰ কঠোৰ অনুশীলনত ব্যস্ত দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ অৰ্ধশতাধিক যুৱতীক ৷

kaliabor district sports association
ক্ৰীড়া সন্থাৰ বিশেষ পদক্ষেপ
author img

By

Published : Aug 2, 2023, 8:29 PM IST

ক্ৰীড়া সন্থাৰ বিশেষ পদক্ষেপ

কলিয়াবৰ, 2 আগষ্ট : কলিয়াবৰৰ দৰে এক গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াৰ উন্নতিৰ বাবে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই জন্মলগ্নৰে পৰা অহোপুৰোষাৰ্থ কৰি আহিছে । সীমিত সা-সুবিধাৰ মাজতে কলিয়াবৰৰ ক্ৰীড়া প্ৰতিভাৰ উত্তৰণত কলিয়াবৰৰ এচাম ক্ৰীড়াপ্ৰেমী সদা যত্নবান হৈ আহিছে ‌। শেহতীয়াকৈ কলিয়াবৰ ক্ৰীড়া সন্থাই ফুটবল আৰু ভলীবলৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে ৷ ক্ৰীড়াক লৈ বিশ্বজয়ৰ সপোন দেখা কলিয়াবৰৰ যুৱতীসকলৰ দৈনন্দিন অনুশীলনৰে প্ৰাণ চঞ্চলা হৈ পৰিছে ডা: টি আও ষ্টেডিয়াম ।

কলিয়াবৰৰ নাগশংকৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা: টি. আও গ্ৰাম্য ক্ৰীড়াংগণত ফুটবল খেলি বিশ্বজয়ৰ সপোন দেখিছে এজাক কিশোৰীয়ে । নতুন প্ৰজন্মৰ যুৱতীসকলক ফুটবল আৰু ভলীবলৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই প্ৰশিক্ষকৰ দাৰা এইসকল যুৱতীক দিয়াইছে কঠোৰ প্ৰশিক্ষণ । 1 জুলাইৰ পৰা সম্পূৰ্ণ এমাহ দিন ধৰি দিয়া হ’ল এথলেটিকছৰ প্ৰশিক্ষণ ৷ শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্ত যেনে গুৱাহাটী, নগাঁও, ধেমাজি, লখিমপুৰ জিলাৰ পৰা অহা প্ৰশিক্ষকৰ নেতৃত্বত ফুটবল আৰু ভলীবল খেলৰ অনুশীলনত ব্যস্ত হৈ পৰিছে যুৱতীসকল । কলিয়াবৰৰ বহু পিছ পৰা অঞ্চলত থকা জনজাতীয় লোকসকলক সুবিধা দিয়াৰ মানসেৰে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই এই পদক্ষেপ হাতত লৈছে ৷

উল্লেখ্য যে, এই অনুশীলনস্থলীৰ পৰাই প্ৰতিবছৰে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো খেল খেলিবলৈ নিৰ্বাচিত হৈছে বহু খেলুৱৈ । ক্ৰীড়াৰ যোগেদিয়েই কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছে বহু যুৱক-যুৱতী । বিগত বৰ্ষত দুগৰাকীকৈ যুৱতীয়ে স্থান লাভ কৰিছে মহিলাৰ ৰাজ্যিক ফুটবল দলত । এইসকল সম্ভাৱনা সম্পন্ন খেলুৱৈক উৎসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই ।

লগতে পঢ়ক : Remembering Natasurya Phani Sarma:‘শৈশৱৰ সুবাস বিচাৰি’ শিশু নাটেৰে জীপাল হ’ল এটি সন্ধ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.