কলিয়াবৰ, 9 ডিচেম্বৰঃ সোমবাৰে নগাঁৱৰ কলিয়াবৰত উদ্ধাৰ হয় এটা দুস্প্ৰাপ্য প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাই ৷ কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইটো। শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত কেইটামান সৰু লৰাই কেটেপাৰে আক্ৰমণ কৰি আহত কৰিছিল দুস্প্ৰাপ্য প্ৰজাতিৰ নীলকণ্ঠী হেটুলুকা চৰাইটো । পিচত আহত হেটুলুকা চৰাইটো স্থানীয় সঞ্জীৱ ডেকা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনে শিশু কেইজনৰ পৰা উদ্ধাৰ কৰি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে।
লগতে পঢ়কঃমই অসমৰ ৰাইজৰ লগত আছো:যতীন বৰা