কলিয়াবৰ, ৯ ডিচেম্বৰ : আজি দুৰ্নীতি বিৰোধী দিৱস । দুৰ্নীতিৰ বিৰুদ্ধে সজাগতাৰ বাবে ৯ ডিচেম্বৰত আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস পালন কৰা হয় । দুৰ্নীতি হৈছে নে নাই সেয়া জানিবলৈ নিৰ্ভৰযোগ্য উপায়টো হ'ল তথ্য জনাৰ অধিকাৰ আইন । কিন্তু এই আইন কিমান দূৰ সফল হৈছে ? নগাঁৱৰ কলিয়াবৰত এই আইনক লৈ প্ৰশাসনে ভেঙুচালি কৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিশেষ আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু সেই আঁচনি সফলভাৱে ৰূপায়ণ নোহোৱাৰ অভিযোগ কৰিছে কলিয়াবৰৰ এগৰাকী লোকে । তথ্য জনা অধিকাৰ আইন ২০০৫ৰ জৰিয়তে কলিয়াবৰৰ এগৰাকী লোকে ২০২৩ চনৰ ৯ মে'ত কৰা আবেদনৰ সদুত্তৰ আজিলৈকে নাপালে ।
কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ১৯৯২ চনৰ পৰা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে জানিবলৈ আবেদন কৰিছিল ৰাতুলেশ্বৰ গোস্বামী নামৰ লোকজনে । কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত কৰা আবেদনৰ ভিত্তিত মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ তৃষ্ণা মিপূনে ১৬ মে' তাৰিখে পত্ৰ নং কে এম এম (আৰু টি আই) ৪/২০২৩/৯৪৫৬ৰ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ ৰাতুলেশ্বৰ গোস্বামীক সমুদায় তথ্য জনাবলৈ জাননী জাৰী কৰিছিল ।
এই পত্ৰ লাভ কৰাৰ পাছত কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বৰগোঁহাইয়ে পত্ৰ নং কেডিবি/আৰ টি আই/৫/২০২০-২১ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ গাণনিক মৃণাল কুমাৰ দত্ত, কনিষ্ঠ সহায়ক মুহিবুৰ ৰহমান আৰু পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবলৈ নিৰ্দেশনা জাৰি কৰে । এই নিৰ্দেশনাৰ ভিত্তিত ২০২৩ চনৰ ১ জুলাইত এখন উকা কাগজত আঞ্চলিক পঞ্চায়তৰ জ্যেষ্ঠ সহায়কৰ স্বাক্ষৰিত পত্ৰত পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ দ্বাৰা ৰূপায়িত দুখন আঁচনিৰ অসম্পূৰ্ণ তথ্য প্ৰেৰণ কৰে । য'ত ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ নামত আৱণ্টিত ৫ লাখ টকাৰ ৪,৫৩,৪০০ টকা খৰচ হোৱা তথ্য উল্লেখ আছে ।
আনহাতে, গছপুলি ৰোপণ আৰু চৌহদৰ বেৰ নিৰ্মাণৰ বাবে ১৬,৬৯,৪৪০ টকাৰ বিপৰীতে খৰচৰ পৰিমাণ দেখুওৱা হৈছে ১৬,৩৫,১২০ টকা । পত্ৰখনত দুয়োখন আঁচনি সম্পূৰ্ণ হোৱা বুলি উল্লেখ আছে যদিও আঁচনিখনৰ আৰম্ভ হোৱাৰ তাৰিখ আৰু শেষ হোৱাৰ তাৰিখৰ কোনো উল্লেখ নাই । লগতে উল্লেখ নাই পৃথক শিতানৰ খৰচৰ হিচাপ । এই তথ্যত আবেদনকাৰী সন্তুষ্ট নোহোৱাত সম্পূৰ্ণ তথ্য বিচাৰি পুনৰ মহকুমাধিপতিক ৩ আগষ্ট তাৰিখে পত্ৰযোগে আবেদন জনায় ।
৭ আগষ্টত কে এম এম/আৰু টি আই/০৪/২০১৪/পিটি-১/৯৭৯৩ নং পত্ৰ যোগে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ তথা কাৰ্যবাহী দণ্ডাধীশে পুনৰ আবেদনকাৰী ৰাতুলেশ্বৰ গোস্বামীক সম্পূৰ্ণ তথ্য যোগান ধৰিবলৈ জাননী জাৰী কৰে । এই জাননীৰ উত্তৰত ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ কৱলত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পুৰণি সকলো তথ্য বিনষ্ট হোৱাত ১৯৯২ চনৰ পৰা পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে ৰূপায়ণ কৰা আঁচনিৰ তথ্য যোগান ধৰিব পৰা নাই যদিও পূৰ্বৰ দুয়োটা তথ্য ৰূপায়ণৰ বছৰ উল্লেখ কৰি আবেদনকাৰীলৈ প্ৰেৰণ কৰে ।
সেই মতে ৫ লাখ টকাৰ আঁচনিৰ সময় ২০০৮-২০০৯ চন বুলি দেখুওৱা হৈছে । আনহাতে, ১৬,৬৯,৪৪০ টকাৰ আঁচনিখনৰ সময় ২০২০-২০২১ দেখুওৱা হৈছে কিন্তু এই আঁচনিখনৰ বিতং তথ্য দিয়াৰ পৰা বিৰত থাকিল উন্নয়ন খণ্ডৰ জ্যেষ্ঠ সহায়কগৰাকী । লগতে পত্ৰখনত পূৱথৰীয়া জিলা পৰিষদৰ তথ্য মজুত নাই বুলি উল্লেখ কৰাৰ লগতে গাঁও পঞ্চায়তৰ আঁচনিৰ বিষয়ে পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবে প্ৰত্যক্ষভাৱে যোগান ধৰিব বুলিও উল্লেখ আছে । বিভাগীয় এনে অসহযোগিতাৰ বাবে ৰাতুলেশ্বৰ গোস্বামীয়ে এতিয়া ওপৰ মহলাত অভিযোগ দিয়াৰ সিদ্ধান্ত লৈছে ।
অভিযোগ অনুসৰি দীঘলীয়া সময় ধৰি কলিয়াবৰৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীটো পঞ্চায়তৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে । এই পুখুৰীটোৰ উন্নয়নৰ নামত লাখ-লাখ টকাৰ আঁচনি আৱণ্টন হৈছে যদিও উন্নয়নৰ নামত পুখুৰীটোৰ কোনো পৰিৱৰ্তন নোহোৱাৰ অভিযোগ উঠিছে । শেহতীয়াকৈ ৰূপায়ণ কৰা আঁচনিৰ নামত হোৱা কামৰ নমুনা দেখি আচৰিত স্থানীয় লোকসকল । পঞ্চায়তটো বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি । যাৰ বাবে এতিয়া অঞ্চলটোৰ লোকসকলে এই সন্দৰ্ভত এক সঠিত তদন্তৰ দাবী জনাইছে ।
লগতে পঢ়ক :বিধ্বস্ত পথৰ বাবে বিপদত জহিং অঞ্চলবাসী