কলিয়াবৰ, 24 আগষ্টঃ কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্যকৰ্মী, চিকিৎসকৰ অনিয়মিত উপস্থিতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷ বানেগৰকা আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পীড়িত সংখ্যালঘু বসতিপ্ৰধান কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্য সেৱাৰ কঙাল ৰূপ ৷ অঞ্চলটোৰ উপ-স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ উন্নত স্বাস্থ্য সেৱাৰ বাবে স্থাপন কৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ অনুপস্থিতিয়ে দুৰ্ভোগ ভোগাইছে ৰাইজক ৷ এই ঘটনাই উদঙাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ কলিয়াবৰ সমষ্টিত কেবিনেট আৰু ৰাজ্যিক পৰ্যায়ৰ দুগৰাকীকৈ মন্ত্ৰী থকাৰ পিছতো এনে ঘটনা ঘটাটো দুৰ্ভাগ্যজনক ৷ অতি শীঘ্ৰেই ইয়াৰ সমাধানৰ বিচাৰি, বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷
কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্য সেৱাৰ কঙাল ৰূপ
কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্য সেৱাৰ কঙাল ৰূপ ৷ স্বাস্থ্যকৰ্মী, চিকিৎসকৰ অনিয়মিত উপস্থিতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷ কেবিনেট আৰু ৰাজ্যিক পৰ্যায়ৰ দুগৰাকীকৈ মন্ত্ৰী থকাৰ পিছতো এনে ঘটনা ঘটাটো দুৰ্ভাগ্যজনক ৷ অতি শীঘ্ৰেই ইয়াৰ সমাধানৰ বিচাৰি, বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷
কলিয়াবৰ, 24 আগষ্টঃ কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্যকৰ্মী, চিকিৎসকৰ অনিয়মিত উপস্থিতিত অতিষ্ঠ স্থানীয় ৰাইজ ৷ বানেগৰকা আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পীড়িত সংখ্যালঘু বসতিপ্ৰধান কলিয়াবৰৰ বৰঘূলীত স্বাস্থ্য সেৱাৰ কঙাল ৰূপ ৷ অঞ্চলটোৰ উপ-স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ উন্নত স্বাস্থ্য সেৱাৰ বাবে স্থাপন কৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ অনুপস্থিতিয়ে দুৰ্ভোগ ভোগাইছে ৰাইজক ৷ এই ঘটনাই উদঙাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ কলিয়াবৰ সমষ্টিত কেবিনেট আৰু ৰাজ্যিক পৰ্যায়ৰ দুগৰাকীকৈ মন্ত্ৰী থকাৰ পিছতো এনে ঘটনা ঘটাটো দুৰ্ভাগ্যজনক ৷ অতি শীঘ্ৰেই ইয়াৰ সমাধানৰ বিচাৰি, বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ৷
চিকিৎসা কৰ্মীৰ বাবে বোন্দা পৰ দি উভটি যায় ৰোগী
স্বাস্থ্য কৰ্মীৰ বেপেৰুৱাৰ আচৰণত অতিষ্ঠ স্থানীয় ৰাইজ
মন্ত্ৰী-আমোলাৰ নিয়ন্ত্ৰণ নাই স্বাস্থ্য বিভাগত
বিজ্ঞাপন-প্ৰচাৰতে সীমাবদ্ধ এতিয়া অসমৰ স্বাস্থ্যBody:
চিকিৎসকৰ অভাৱত ৰুগীৰ মৃত্যু, এম্বুলেঞ্চ অবিহনে ঠেলাত ৰুগী, গাঁও অঞ্চলত নাই চিকিৎসক – আদি এতি অসমৰ ৰাইজৰ বাবে অতি সহজ খবৰ হৈ পৰিছে। তেনে এক খবৰৰ উৎস হৈ পৰিছে কলিয়াবৰৰ এক সংখ্যালঘূ বসতি প্ৰধান অঞ্চল বৰঘূলী।
বানেগৰকা আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পীড়িত সংখ্যালঘূ বসতিপ্ৰধান কলিয়াবৰৰ বৰঘূলিত স্থাস্থ্য সেৱাৰ কঙাল ৰূপ। চৰকাৰে অঞ্চলটোৰ ৰাইজৰ স্থাস্থ্যসেৱাৰ বাবে অঞ্চলটোৰ কেন্দ্ৰস্থল বৰঘূলি বজাৰতে বৰঘূলি উপ-স্বাস্থ্য কেন্দ্ৰৰ লগতে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ স্থাপন কৰি স্বাস্থ্য সেৱাৰ বন্দোবস্তি কৰি দিছিল। কিন্ত সকলো ফূটুকাৰ ফেন "আছে গৰু নাবায় হাল"ৰ লেখীয়া স্বাস্থ্য সেৱা।কেন্দ্ৰটোত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ অনিয়মীয়া উপস্থিতিত স্বাস্থ্য সেৱা বৰঘূলি অঞ্চলত পৰ্যবেসিত হৈছে প্ৰহসনলৈ।
কেবিনেট আৰু ৰাজ্যিক স্তৰত দুগৰাকীকৈ মন্ত্ৰী থকাৰ পিচতো স্বাস্থ্য বিভাগে চিকিৎসক-কৰ্মচাৰীক নাকী লগাব নোৱাৰাতো চৰম পৰিতাপৰ বিষয়ৰূপে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাই।Conclusion:visuals
bite