ৰহা, 30 মে’ : ৰহাৰ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে এতিয়া কাঠৰ মিল ৷ খুব কম দূৰত্বতে ঘনকৈ দেখিবলৈ পোৱা গৈছে কাঠৰ মিল ৷ অঞ্চলটোত মাত্ৰাধিক হাৰত বাঢ়ি অহা কাঠৰ মিলৰ সংখ্যাই জনসাধাৰণৰ মনত সন্দেহৰ সৃষ্টি কৰিছে (Raha sawmill news) ৷
এয়া নগাঁৱৰ ৰহা থানাৰ অৰ্ন্তগত মণিপুৰটোপৰ দৃশ্য । ইকবাদুল আলি নামৰ অসাধু ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি নিজ বাসগৃহৰ সমীপতে চলাই আহিছে এই অবৈধ কাঠৰ মিলটো ৷ কাঠ মিলটোত দেখিবলৈ পোৱা গৈছে বহুতো মূল্যবান গছৰ কুণ্ডা, কিন্তু আজিলৈকে বন বিভাগৰ দৃষ্টি নপৰিল এই অবৈধ মিলটোত (Illegal sawmill in Raha) ।
অৱশ্যে কেৱল এইটোৱেই নহয় জানিব পৰা মতে মণিপুৰটোপত গঢ় লৈ উঠিছে এনে বহুতো অবৈধ কাঠৰ মিল । এই সকলোবোৰ দেখিও বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে । প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ দায়িত্বত থকা একাংশ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত থকা গোপন মিতিৰালিৰ বাবেই এনেদৰে বন ধ্বংসযজ্ঞ সম্ভৱ হৈছে (Assam Illegal sawmill news) ।
প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা আৰু বন সংৰক্ষণ আইনক বুঢ়া আঙুলি দেখুৱাই এনেদৰে বন ধ্বংস কাৰ্য্যত লিপ্ত সকলৰ বিৰুদ্ধে বন বিভাগৰ উদ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেইয়া সময়তহে লক্ষ্যণীয় হ’ব । উল্লেখনীয় কথা যে কিছু দিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল মৰিগাঁও আঞ্চলিক বন বিষয়াৰ কু-কৰ্মৰ কথা কিন্তু ইয়াৰ পিচতো যেন গা লৰা নাই মৰিগাঁও আঞ্চলিক বন বিষয়াসকলৰ । হাত সাবটি বহি আছে বিষয়া কৰ্মচাৰীসকল (Increasing number of illegal sawmill at Raha) ।
বন বিভাগৰ এনে স্থিতিক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে স্থানীয় দল-সংগঠনে । কাৰ ছত্ৰছায়াত চলি আছে ৰহাৰ মণিপুৰটোপৰ এই অবৈধ কাঠ মিলটো (sawmill) ? উত্তৰ দিব পাবিৰনে মৰিগাঁও বন বিভাগে ?
লগতে পঢ়ক : Eviction in Orang national park:দৰং জিলাত প্ৰায় ১০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ