নগাঁও,11 জুলাই: ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্তই ক্ষোভিত কৰিছে ৰাইজক ৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা চৰকাৰী চিকিৎসালয়ত ৰোগীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰিছে ৷ চৰকাৰী চিকিৎসালয়ত ৰোগীৰ টিকট পঞ্জীয়নৰ মূল্য পাঁচ টকাৰ পৰা ১০ টকালৈ বৃদ্ধি পালে। অসামৰিক চিকিৎসালয়ৰ পৰা গ্ৰামঞ্চলৰ ক্ষুদ্ৰ চিকিৎসালয়তো ৰোগীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে । পূৰ্বে পাঁচ টকাৰ বিপৰীতে এতিয়াৰ পৰা সাধাৰণ ৰোগীয়ে দহ টকা ভৰিব লাগিব চিকিৎসালয়ৰ টিকট সংগ্ৰহৰ নামত। হঠাৎ চৰকাৰী চিকিৎসালয়ত ৰোগীৰ পঞ্জীয়ন মাচুল ৫ টকাৰ পৰা ১০ টকালৈ বৃদ্ধি কৰাত সৰ্বসাধাৰণ লোকৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া।
আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ সময়ত এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই ক্ষোভিত কৰিছে সৰ্বসাধাৰণক ৷ আনহাতে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ পঞ্জীয়ন মাচুল বৃদ্ধিক লৈ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশনা ইতিমধ্যেই নগাঁৱৰ অসামৰিক চিকিৎসালয়ত কাৰ্যকৰী কৰা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ এল দাসে ।
ডাঃ এল দাসে আৰু কয়,‘‘ BPL থাকিলে কোনেও এটকা দিব নালাগে পঞ্জীয়নৰ ক্ষেত্ৰত ৷ পূৰ্বৰ পৰাই BPL কাৰ্ড দেখালে বিনামূলীয়াকৈ পঞ্জীয়নৰ ব্যৱস্থা আছিল আৰু এতিয়াও সেই ব্যৱস্থা থাকিব ৷ যদি BPL কাৰ্ড নাথাকিলেহে 10 টকাকৈ দিব লাগিব ৷ আনহাতে X-ray, তেজ পৰীক্ষা আদিৰ ক্ষেত্ৰত কোনো টকা দিব নালাগে ৷ এই সেৱা সকলো ৰোগীৰ বাবে বিনামূলীয়া ৷ মই নাভাবো 10 টকাৰ বাবে ৰোগীৰ বিশেষ অসুবিধা হ’ব বুলি ৷ ’’
লগতে পঢ়ক:Diarrhoea Control Programme in Kaliabor: ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ