নগাঁও, 23 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ সময়তে বৃহস্পতিবাৰে নগাঁৱত আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি এখন ট্ৰা'ক ৷ নগাঁৱৰ বৰঘাট আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিলে চোৰাং গৰুৰ ট্ৰাকখন ।
জানিব পৰা মতে, AS-02CC-3242 নম্বৰৰ জব্দ কৰা ট্ৰা'কখনত 23 টা গৰু আছিল ৷ বৰমাৰ পৰা ডবকালৈ গৰু সমূহ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷ ইতিমধ্যে,নগাঁও আৰক্ষীয়ে ট্ৰা'কখন জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি,এমদাদুল নামৰ এজন ব্যক্তিয়ে সৰবৰাহ কৰিব বিচাৰিছিল এই পশুধন কেইটা । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বৰাৰ নেতৃত্বত চলোৱা অভিযানত জব্দ হয় ট্ৰাকখন ৷ উল্লেখ্য় যে, 22 জুলাইৰ নিশাও FCIৰ সামগ্ৰী কঢ়িওৱা ট্ৰা'কত পশুধন সৰবৰাহৰ চেষ্টা চলাইছিল ৷
লগতে পঢ়ক : প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...