ETV Bharat / state

ৰাজ্যত অকস্মাত বৃদ্ধি পাইছে গৰুৰ অবৈধ সৰবৰাহকাৰী

author img

By

Published : Nov 22, 2021, 10:26 PM IST

গো-সুৰক্ষাক প্ৰাধান্য দিয়া চৰকাৰখনক বুঢ়া আঙুলি দেখুওৱাই একাংশই দিনে-নিশাই চলাই নিছে গৰুৰ চোৰাং বেহা ৷

illegal-transportation-of-cattle
ৰাজ্যত অকস্মাত বৃদ্ধি পাইছে গৰুৰ অবৈধ সৰবৰাহকাৰী

কলিয়াবৰ, 22 নৱেম্বৰ : এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে 7টাকৈ চোৰাং চিকাৰী আটক কৰে ৷ আৰক্ষীয়ে 4 খন গাড়ী জব্দ কৰাৰ লগতে অবৈধভাৱে সৰবৰাহ কৰা 36 টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি উজনিৰ বিভিন্ন স্থানৰ পৰা সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে দৈনিক চলি আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গো-সুৰক্ষা আইনেও নাকী লগাব পৰা নাই এইচাম চোৰাং ব্যৱসায়ীক ৷

AS 02 CC 6336, AS 02 CC 1165, AS 02 B3905 আৰু AS 02 BC 3195 নম্বৰৰ গাড়ীকেইখন উজনিৰ পৰা চামগুৰিৰ বিভিন্ন অঞ্চল অভিমুখে গৈ থাকোতে বাগৰিত জখলাবন্ধা আৰু বাগৰি আৰক্ষীৰ জালত পৰে ৷ দুয়োটা আৰক্ষী চকীৰ যৌথ প্ৰচেষ্টাত চলোৱা তালাচীত এই অবৈধভাৱে সৰবৰাহ কৰা গো-ধন উদ্ধাৰ হয় ৷ উপযুক্ত নথি-পত্ৰ বিহীন গাড়ী কেইখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চামগুৰি আৰক্ষী নিৱেশ এলেকাৰ কনুৱামাৰীৰ অবৈধ সৰবৰাহকাৰী কেইটা ক্ৰমে জাকাৰিয়া হুছেইন, বৰমাবিলৰ জান্নাতুল হ'ক, ইব্ৰাহিম আলি, নুৰ মহম্মদ, জমিৰ হুছেইন, বাহাৰুল ইচলাম আৰু বৰমাৰ খলিলুৰ ৰহমানক আটক কৰে ৷

গৰুৰ চোৰাং বেহা

উল্লেখ্য যে, বিভিন্ন সময়ত আৰক্ষীৰ তৎপৰতাত বহু চোৰাং সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈ আছে যদিও প্ৰতি দিনাই নতুন নতুন চোৰাং সৰবৰাহৰ বাতৰিয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে ৷

লগতে চাওক : Kaliabhomora Bridge Accident : ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.