ETV Bharat / state

বোৱাৰী হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত মুকালমুৱা - চতেমাৰী

নলবাৰীৰ মুকালমুৱাত সংঘটিত হৈছে বোৱাৰী হত্যা ৷ এই অভিযোগ উত্থাপিত কৰিছে মুকালমুৱাৰ চতেমাৰীৰ গাঁওবাসীয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰিলে মৃত মহিলাগৰাকীৰ স্বামী প্ৰাণজিৎ দাসৰ বাসগৃহ ।

hungama created at mukalmua due to death of a women nalbari assam etv bharat news
বোৱাৰী হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত মুকালমুৱা
author img

By

Published : Jul 30, 2020, 6:13 PM IST

নলবাৰী,30 জুলাই: নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হৈছে এক অঘটন ৷ মুকালমুৱাৰ অন্তৰ্গত চতেমাৰীত এগৰাকী বোৱাৰী হত্যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ ঘটনাৰ বিৱৰণী অনুসৰি,মঙলবাৰে আবেলি চতেমাৰী নিবাসী প্ৰাণজিৎ দাসৰ পত্নী জিতুমণি দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল ঘৰৰ সমীপৰ এটা পুখুৰীত ৷ মহিলাগৰাকীৰ মৃতদেহৰ লগতে সংকটজনক অৱস্থাত পুখুৰীটোৰ পৰা উদ্ধাৰ হৈছিল দুবছৰীয়া সন্তানটি ৷ বুধবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত নলবাৰী অসামৰিক চিকিৎসালয়ত সম্পন্ন কৰা হৈছিল মৰণোত্তৰ পৰীক্ষা ৷ এই পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ মৃতদেহটো লৈ যোৱা হয় স্বামীগৃহলৈ ৷ স্থানীয় ৰাইজে মহিলাগৰাকীৰ মৃতদেহটো স্বামীগৃহৰ চোতালতে সৎকাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি প্ৰাণজিৎ দাসৰ ঘৰত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷

বোৱাৰী হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত মুকালমুৱা

আনহাতে,জিতুমণি দাসৰ পিতৃ পৰিয়ালৰ লোকৰ লগতে চতেমাৰীৰ ৰাইজে কৰা দাবী অনুসৰি বোৱাৰী গৰাকীক স্বামী পৰিয়ালৰ লোকে দীৰ্ঘদিনে চলাই আহিছিল নিৰ্যাতন ৷ আৰু এই নিৰ্যাতনৰ চূড়ান্ত ৰূপ দি পৰিকল্পিতভাৱে মহিলাগৰাকীক হত্যা কৰি পুখুৰীত মৃতদেহটো পেলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে প্ৰাণজিতৰ পৰিয়ালে ৷ মহিলাগৰাকীৰ মৃত্যুত উত্তেজিত ৰাইজে প্ৰাণজিতৰ বাসগৃহত শিলাবৰ্ষণ কৰাত পলায়ন কৰে পৰিয়ালটোৰ আটাইকেইজন সদস্য ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও ব্যৰ্থ হোৱাত ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসহ অৰ্ধ সামৰিক বাহিনী ৷ কিন্তু মহিলাগৰাকীৰ মৃতদেহক কেন্দ্ৰ কৰি বিমোৰত পৰে স্বয়ং আৰক্ষী ৷

অৱশেষত স্থানীয় ৰাইজৰ হেঁচাত নলবাৰী অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ আৰক্ষীয়ে ঘূৰাই আনে জিতুমণিৰ মৃতদেহটো ৷ আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰি কৰায়ত্ত কৰে মহিলাগৰাকীৰ স্বামীক ৷ সম্প্ৰতি মুকালমুৱা আৰক্ষীয়ে স্বামী প্ৰাণজিৎ দাসক আটক কৰি অব্যাহত ৰাখিছ সোধ-পোচ ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰিব বুলি আৰক্ষীয়ে সদৰী কৰে ৷ ইপিনে পুখুৰীৰ পৰা উদ্ধাৰ হোৱা মহিলাগৰাকীৰ দুবছৰীয়া সন্তানটো সম্প্ৰতি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

লগতে চাওকঃ টীয়কত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.