কলিয়াবৰ, 10 আগষ্ট : কলিয়াবৰৰ বৰালীগাঁৱৰ ছয় বিঘাকৈ ভূমি দখলৰ চেষ্টা কলিয়াবৰ মাধৱগাঁৱৰ শংকৰ বৰদলৈ নামৰ এজন ব্যক্তিৰ ৷ উক্ত ঘটনাৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক-যুৱতী সকলে ৷ জানিব পৰা মতে, দীৰ্ঘ দিনৰ পৰা বৰালী গাঁও-ৰৌমাৰী সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ দখলত আছিল উক্ত ভূমি ৷
কিন্তু সোমবাৰে উক্ত ভূমিত শংকৰ বৰদলৈয়ে পকী খুঁটাৰে চাৰিসীমা দিয়াৰ চেষ্টা কৰোঁতেই বৰালীগাঁৱৰ যুৱক-যুৱতীসকল একগোট হৈ পকী খুঁটাবোৰ উঠাই দিয়ে ৷
উল্লেখ্য যে,গাওঁখনৰ যুৱক-যুৱতীসকলৰ ভাষ্যৰ বিপৰীতে শংকৰ বৰদলৈ নামৰ ব্যক্তিজনে চৰকাৰী ভূমিখিনি তেঁও দখল কৰি থকাৰ কথা উল্লেখ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে কোন সঁচা, কোন মিছা ৷