ETV Bharat / state

দাবী কৰা ধন লাভ নকৰি উন্নয়ন মূলক কামত বাধা দিয়া কোন এই অপশক্তি ?

ধিঙত ঠিকাদাৰৰ পৰা দুষ্ট চক্ৰৰ ধন দাবীৰ অভিযোগ । ধন নিদিয়াৰ বাবেই বে-আইনীভাবে ৰাস্তাৰ কাম বন্ধ কৰি ৰাখিছে দুষ্টচক্ৰই ৷

author img

By

Published : Oct 14, 2021, 7:44 PM IST

goons-stopping-road-construction-work-on-failing-to-attain-demanded-money
দাবী কৰা ধন লাভ নকৰি উন্নয়ন মূলক কামত বাধা দিয়া কোন এই অপশক্তি ?

ধিং, 14 অক্টোবৰ : ধিঙত পোহৰলৈ আহিছে ঠিকাদাৰৰ পৰা দুষ্ট চক্ৰই ধন দাবী কৰাৰ ঘটনা । এই ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ ধিং সমষ্টিত । অভিযোগ অনুসৰি, ধিং সমষ্টিৰ অন্তৰ্গত বেছামাৰীত SOPD ৰ অধীনত নিৰ্মাণ হৈ থকা এটা পথৰ কামত অঞ্চলটোৰ এটা দুষ্ট চক্ৰই ঠিকাদাৰৰ পৰা ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

এই দুষ্ট চক্ৰটোৱে ঠিকাদাৰৰ পৰা দাবী কৰা ধন নোপোৱাৰ বাবেই ইতিমধ্যে কাম কৰা শ্ৰমিকসকলক বিভিন্ন ভাবুকি দি কাম বন্ধ কৰি ৰাখিছে । উল্লেখযোগ্য যে, এই কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ মুস্তাফা কামালৰ পৰা অঞ্চলটোৰ ৰেজাউল হুছেইন, নাছিৰ উদ্দিন, মুজ্জাদিক হুছেইন, আজিজুল হক আৰু মুজাহিদুল নামৰ লোক কেইজনে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

দুষ্টচক্ৰটোৱে ঠিকাদাৰ জনৰ পৰা দাবী কৰা ধন নোপোৱাৰ বাবেই ইতিমধ্যে কাম কৰা শ্ৰমিক সকলক বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ লগতে বে-আইনীভাবে আধাতে কাম বন্ধ কৰি দিছে বুলি জানিবলৈ দিছে ঠিকাদাৰ মুস্তাফা কামালে । এই সন্দৰ্ভত ইতিমধ্যে ঠিকাদাৰজনে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আহোমগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক : ভূপেন বৰা-ৰকিবুল হুছেইনক নেতাৰ কান্ধত উঠাৰ পৰামৰ্শ ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.