ETV Bharat / state

কলিয়াবৰত আজিও সজীৱ গান্ধীজীৰ স্মৃতি - স্বৰ্গদেউ

কলিয়াবৰত আজিও জাতিৰ পিতা মহাত্মা গান্ধীৰ পদাৰ্পন আৰু তেখেতৰ স্মৃতি সজীৱ হৈ আছে ৷ বিভিন্ন ঘটনা-স্মাৰক, স্মৃতি চিহ্নই কলিয়াবৰবাসীক আজিও সোঁৱৰাই সেই অতীতক ।

Gandhi's Memory at Kaliabor
কলিয়াবৰত আজিও সজীৱ গান্ধীজীৰ স্মৃতি
author img

By

Published : Oct 3, 2020, 8:40 PM IST

নগাঁও,3অক্টোবৰ : শুকুৰবাৰে মহামানৱ মহাত্না গান্ধীৰ 151সংখ্যক জন্মজয়ন্তী সমগ্ৰ দেশতে পালন কৰা হয় ৷ এই বিশেষ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সকলোৱে সশ্ৰদ্ধ প্ৰণাম জনাই জাতিৰ পিতা মহাত্মা গান্ধীক ৷ ভাৰতবাষীক এক সুকীয়া নাম দিয়া এই মহামানৱ গৰাকীৰ স্মৃতি যুগ-যুগ ধৰি দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সজীৱ হৈ আছে ৷

কলিয়াবৰত আজিও সজীৱ গান্ধীজীৰ স্মৃতি

এতিয়াও বহু ঠাইত মহামানৱ মহাত্না গান্ধীৰ স্মৃতিয়ে সোৱৰাই সেই অহিংসা দিনাৰ কথা ৷ সোঁৱৰাই মহামানৱ গৰাকীৰ তীব্ৰ আন্দোলনৰ কথা ৷ এইয়া নগাঁও জিলাৰ কলিয়াবৰ ৷ কলিয়াবৰত আজিও জাতিৰ পিতাগৰাকীৰ পদাৰ্পন আৰু তেখেতৰ স্মৃতি সজীৱ হৈ আছে ৷ বিভিন্ন ঘটনা-স্মাৰক, স্মৃতি চিহ্নই কলিয়াবৰবাসীক আজিও সোঁৱৰাই সেই অতীতক ।

Gandhi's Memory at Kaliabor
কলিয়াবৰত আজিও সজীৱ গান্ধীজীৰ স্মৃতি

১৯২১ চনৰ আগষ্ট মাহৰ ২২ তাৰিখে গান্ধীজীয়ে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ বুকুৰে তেজপুৰৰ পৰা পদাৰ্পন কৰিছিল কলিয়াবৰত। উদ্দেশ্য আছিল ব্ৰিটিছৰ বিৰুদ্ধে অসমীয়া জনগণক সজাগ কৰা, ভাৰতীয় জাতীয় কংগ্ৰেছক অসমত সক্ৰিয় কৰা। গান্ধীজীয়ে জাহাজৰ পৰা নামিয়েই সম্বোধন কৰা স্থানত পৰৱৰ্তী কালত নিৰ্মাণ হৈছিল 'গান্ধী অস্থি ধাম'। কুঁৱৰীটোলৰ যিখন পথাৰত কলিয়াবৰীয়া ৰাইজক মহাত্মাই সম্বোধন কৰিছিল সেই পথাৰখন আজিও পৰিচিত গান্ধী পথাৰ বা গান্ধী ফিল্ড ৰূপে ।

Gandhi's Memory at Kaliabor
কলিয়াবৰত আজিও সজীৱ গান্ধীজীৰ স্মৃতি

কলিয়াবৰ আহোম স্মৃতি বিজড়িত এখন ইতিহাস প্ৰসিদ্ধ গাঁও। স্বৰ্গদেউ চুহুংমুং ৰজাৰ দিনতেই প্ৰতিষ্ঠিত এই গাঁওখন প্ৰচলিত প্ৰবাদ মতে, তুৰুকসকলে বাস কৰিছিল ৷ যাৰ পুৰণি নাম আছিল তুৰুখাটি। বৃটিছসকলে গাঁওখনত বাস কৰা ইছলাম ধৰ্মীয় লোকসকলৰ প্ৰচলিত নাম অনুসৰি নামাকৰণ কৰিছিল 'মৰিয়া গাঁও'। মৰিয়া গাঁওখন আজি জয়ন্তীপুৰ নামেৰে জনাজাত যদিও এই নামটো ১৯৭২ চনৰ গান্ধী জয়ন্তীৰ দিনাই তদানীন্তন কলিয়াবৰৰ বিধায়ক গোলাপ বৰুৱাই গাঁওবাসীৰ প্ৰত্যক্ষ সহযোগত মৰ্মে জয়ন্তীপুৰ নামাকৰণ কৰিছিল। গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত গান্ধীজীক সোঁৱৰে জয়ন্তীপুৰ গাঁওখনৰ বাসিন্দাই।যাৰ বাবে আজিও কলিয়াবৰ বাসীৰ বাবে 1972 চনৰ 2 অক্টোবৰ দিনটো বিশেষ দিন ৷

অন্য এক খবৰৰ বাবে: টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.