ETV Bharat / state

পুৰণিগুদামত বিনামূলীয়া শিশু-চেমনীয়াৰ নাট কৰ্মশালা

author img

By

Published : Dec 26, 2020, 7:20 AM IST

Updated : Dec 26, 2020, 7:58 AM IST

শিশু-চেমনীয়াৰ বৌদ্ধিক বিকাশ আৰু নৱাগত সকলক নাট্য জগতখনৰ লগত চিনাকি কৰোৱাৰ মানসেৰে আয়োজন কৰা হৈছে এখন শিশু-চেমনীয়া নাট কৰ্মশালা । চামগুৰিৰ পুৰণিগুদামৰ চলচলিত আয়োজন কৰা হয় এই কৰ্মশালা ৷

Free Children drama Workshop in puronigudam samaguri
পুৰণিগুদাত বিনামূলীয়া শিশু-চেমনীয়াৰ নাট কৰ্মশালা

চামগুৰি, 26 ডিচেম্বৰ: চামগুৰিৰ পুৰণিগুদাম চলচলিত শিশু-চেমনীয়াৰ বৌদ্ধিক বিকাশ আৰু নৱাগত সকলক নাট্য জগতখনৰ লগত চিনাকি কৰোৱাৰ মানসেৰে আয়োজন কৰা হৈছে এখন শিশু-চেমনীয়া নাট কৰ্মশালা । অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত,শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত তথা পুৰণিগুদাম ৰংগভূমিৰ সহযোগত আয়োজন কৰা এই বিনামূলীয়া নাট কৰ্মশালাত কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ৷

পুৰণিগুদামত বিনামূলীয়া শিশু-চেমনীয়াৰ নাট কৰ্মশালা

উল্লেখ্য যে,এই অবিনশ্বৰ গোষ্ঠীয়ে প্ৰত্যেক বছৰে প্ৰশিক্ষাৰ্থীৰ পৰা কোনো বৰঙণি নোলোৱাকৈ আগবঢ়াই আহিছে এনেধৰণৰ বিভিন্ন কৰ্মশালা । তাদুপৰি মূলতঃ নাট্য জগতৰ লগত জড়িত এই অবিনশ্বৰ গোষ্ঠীয়ে বিভিন্ন সময়ত সমাজত আধ্যাত্মিক আৰু বৌধিক বিকাশৰ এখন মঞ্চ সৃষ্টিৰ মানসেৰে নাটক,ভাওনাৰ দৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে ৷

লগতে পঢ়ক:দুদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Dec 26, 2020, 7:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.