বটদ্ৰৱা,8 জুলাইঃ চাৰি বছৰীয়া বৰ্ণালীৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত তাইৰ পিতৃ-মাতৃ ৷ বিগত দুই বছৰে বৰ্ণালীৰ চিকিৎসাৰ নামত সকলো শেষ হৈ যোৱাৰ পিচতো তাইৰ স্বাস্থ্যৰ উন্নতি নোহোৱাত কান্দি কান্দি ভাগৰি পৰিছে মাতৃ নিজৰা বনিয়া ৷
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোং সোনাৰী গাঁৱৰ পিংকু শংকৰ বনিয়া আৰু নিজৰা বনিয়াৰ একমাত্ৰ সন্তান বৰ্ণালী বনিয়া ৷ জন্মৰ আঢ়ৈ বছৰ বয়সতে আক্ৰান্ত হয় কোনো অচিন ৰোগত ৷ নগাঁও অসামৰিক চিকিৎসালয়কে ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্ণালীৰ চিকিৎসা কৰা হয় যদিও কোনো সুফল লাভ নকৰে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বৰ্ণালীৰ পিতৃৰ পক্ষে তাইৰ চিকিৎসা প্ৰায় অসম্ভৱ হৈ পৰিছে ৷ মাতৃয়ে কেমেৰাৰ আগত কান্দি কান্দি ৰাইজলৈ অনুৰোধ জনাইছে সহায়ৰ বাবে ৷ স্থানীয় বিধায়িকা বিধায়িকা আঙুৰলতা ডেকা তথা অসম চৰকাৰকো সহায়ৰ বাবে জনাইছে কাতৰ অনুৰোধ ৷