ETV Bharat / state

লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবৈদ্য - নগাঁৱত মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবদ্য

হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে গঢ় দিয়া হ’ব ধ্বংস হোৱা বনাঞ্চল । নগাঁৱত মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ।

লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবদ্য
author img

By

Published : Nov 15, 2019, 11:21 PM IST

নগাওঁ, 15 নৱেম্বৰ: হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে পৰিকল্পনা ৰাজ্যৰ বন বিভাগৰ । বিগত দিনত হোৱা অবাধ বনাঞ্চল ধ্বংসৰ বাবেই বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । নগাঁৱত এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । ৰাজ্যত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে ধ্বংস হোৱা বনাঞ্চল গঢ় দিয়াৰ বাবে বৃহৎ বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লোৱা বুলি ইটিভি ভাৰত আগত মন্তব্য কৰে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই । ৰাজ্য চৰকাৰৰ বন বিভাগে হাতত লোৱা 10 কোটি গছপুলিৰ ইতিমধ্যে 6 কোটি গছপুলি ৰোপণ সম্পন্ন হোৱা বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে ৷

নগাঁৱত বনমন্ত্ৰী পৰিমল শুক্লবদ্য

লগতে ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ধান, নিপিয়াৰ, কলগছ আদি খেতি কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক ধন্যবাদ জ্ঞাপন কৰে বনমন্ত্ৰীগৰাকীয়ে । ইপিনে এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ গঁড় সংস্থাপন কৰা হ’ব বুলিও মন্তব্য কৰি গঁড় সংস্থাপনৰ পূৰ্বে অভয়াৰণ্য দুখন বেদখলমুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওক- স্বাস্থ্যৰ উন্নতি কোকিলকণ্ঠী গায়িকা ‘লতা মংগেশকাৰৰ’

Intro:লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হব গঁড়। হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে গঢ় দিয়া হব ধ্বংস হোৱা বনাঞ্চল। নগাঁৱত মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবদ্যৰ।
প্ৰকৃতিপ্ৰেমী দুলু বৰাক ধন্যবাদ বন মন্ত্ৰীৰ।

Body:হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে পৰিকল্পনা পৰিকল্পনা হাতত লৈছে ৰাজ্যৰ বন বিভাগে। বিগত দিনত হোৱা অবাধ বনাঞ্চল ধ্বংসৰ বাবেই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। নগাঁৱত এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবদ্যৰ। ৰাজ্যত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে ধ্বংস হোৱা বনাঞ্চল গঢ় দিয়াৰ বাবে বৃহৎ বৃক্ষ ৰোপনৰ কাৰ্যসূচী হাতত লোৱা বুলি ই টি ভি ভাৰত অসমৰ এক exclusive সাক্ষাৎকাৰত উল্লেখ কৰে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই। ৰাজ্য চৰকাৰৰ বন বিভাগে হাতত লোৱা ১০ কোটি গছপুলিৰ ইতিমধ্যে ৬ কোটি গছপুলি ৰোপণ সম্পন্ন হোৱা বুলি মন্তব্য কৰে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই। লগতে ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে ধান, নিপিয়াৰ, কলগছ আদি খেতি কৰা প্রকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক ধন্যবাদ জ্ঞাপন কৰে বনমন্ত্ৰীয়ে। ইপিনে এসময়ৰ এশিঙীয়া গঁড়ৰ বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ গঁড় সংস্থাপন কৰা হব বুলিও মন্তব্য কৰি গঁড় সংস্থাপনৰ পূৰ্বে অভিয়াৰণ্য দুখন বেদখলমুক্ত কৰা হব বুলিও উল্লেখ কৰে।
bite, পৰিমল শুক্লবদ্য , বনমন্ত্ৰী
---// ----------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৫-১১-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.