ETV Bharat / state

Bihu preparation in Assam : থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস - বিহু বলিয়া অসমীয়া

বাপতি সাহন ৰঙালী বিহুটি আদৰিবলৈ সাজু ৰাজ্যবাসী (Bihu preparation in Assam) ৷ ডেকা-গাভৰুৰ সমান্তৰালকৈ ৰঙালীক আদৰাৰ বাবে ব্যস্ত ৰাজ্যৰ একাংশ চহা শিল্পীও ৷ বিশেষকৈ বিহু বুলি পেঁপা, গগণা, সুতুলি আদি থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ হাতীগাঁৱৰ নিবাসী নন্দলাল ৰবিদাস ৷

Folk instrument makers
থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস
author img

By

Published : Mar 29, 2022, 4:29 PM IST

কলিয়াবৰ, 29 মাৰ্চ : পদূলিমুখত হেঁপাহৰ ৰঙালী বিহুবাপতি সাহোন বিহুক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া (Bihu preparation in Assam) । উজনিৰ পৰা নামনিলৈ ব্যস্ত প্ৰতিজন অসমীয়া ৷ গাত তৰনি নাই ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৰে ৷

কৰ’বাত যদি ডেকা-গাভৰুৱে কৰিছে বিহুৰ আখৰা, আন কৰ’বাত আকৌ মূৰ তুলিবলৈকে আহৰি নাই শিপিনীৰ ৷ ইয়াৰ মাজতে আকৌ ৰঙালীক লৈ ব্যস্ততা বাঢ়িছে ৰাজ্যৰ একাংশ চহা শিল্পীৰ । কলিয়াবৰৰ এনে এগৰাকী শিল্পী হ'ল নন্দলাল ৰবিদাস । ৰঙালী বিহুৰ মাজতে এটি চৰ্চিত নাম নন্দলাল ৰবি দাস ।

বিহু বুলি কলিয়াবৰৰ এইগৰাকী ব্যক্তি ব্যস্ত হৈ পৰে থলুৱা বাদ্য নিৰ্মাণ কৰাত । পেছাত এজন দমকল মিস্ত্ৰী কলিয়াবৰৰ হাতীগাঁৱৰ নিবাসী নন্দলাল ৰবিদাস ৷ পেঁপা, গগণা, সুতুলি আদি থলুৱা বাদ্য নিজ হাতেৰে তৈয়াৰ কৰি তেওঁ চৰ্চিত হৈ পৰে কলিয়াবৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলবোৰতো ।

থলুৱা বাদ্য প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ নন্দলাল ৰবিদাস

নন্দলাল ৰবিদাসৰ বাসগৃহত পেঁপা, গগনা, সুতুলি আদি ক্ৰয় কৰিবৰ বাবে এতিয়া ভিৰ কৰিছেহি বিহু বলিয়া অসমীয়া ডেকা-গাভৰু সকলে । জানিব পৰা মতে, থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাৰ লগতে কাঠৰ আৰু বাঁহ-বেটৰ সামগ্ৰী প্ৰস্তুত কৰাতো পাকৈত নন্দলাল ৰবিদাস । লগতে এগৰাকী দু-তাৰা বাদক ৰূপেও সুখ্যাতি থকা নন্দলাল ৰবি দাসে ৰাজ্য চৰকাৰৰ পৰা শিল্পী সম্বৰ্দ্ধনাও লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, লোক-সংস্কৃতি, লোক-বাদ্য তথা থলুৱা বাদ্যসমূহ অসমীয়াৰ মাজত জীয়াই ৰাখিবৰ বাবে নন্দলাল ৰবিদাসে নিৰৱে কৰিছে সংগ্ৰাম । এনে শিল্পীসকলৰ হকে সকলোৱে ওলাই অহাৰ প্ৰয়োজন ৷ তেতিয়া জীয়াই থাকিব অসমীয়া অস্তিত্ব তথা প্ৰতিজন অসমীয়াৰ স্বাভিমান ৷

লগতে পঢ়ক : প্ৰায় ২০-২৫ লাখ টকাৰ বাজেটেৰে সাজু ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.